টিংখাংঃ নৈৰ পানীত দলিয়ালে মহৰীক৷ হয়, ৰাজ্য চৰকাৰৰ এটি বিভাগৰ মহৰীক আজি ৰাইজে পানীত দলিয়াই ক্ষোভ ব্যক্ত কৰে৷ মাথো কিছুদিন পূৰ্বে কেবা কোটি টকা ব্যায় কৰি ঠিকাদাৰৰ হতুৱাই নিৰ্মাণ কৰা মথাউৰি পৰিদৰ্শন কৰিবলৈ যাওতেই উত্তেজিত ৰাইজে দুগৰাকী মহৰীক আবদ্ধ কৰে৷

ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভাৰ সমষ্টিৰ আঘোণীবাৰী গাঁৱত বুঢ়িদিহিং নৈৰ খহনীয়া ৰোধৰ নামত নিৰ্মাণ কৰা মথাউৰিৰ প্ৰায় ৫০ মিটাৰ অংশ উটুৱাই নিয়াত ক্ষোভিত হৈ পৰে ৰাইজ৷ তাৰ মাজতে ডিব্ৰুগড় জলসম্পদ সংমণ্ডলৰ দুগৰাকী মহৰীয়ে আজি উটুৱাই নিয়া অংশটো পৰিদৰ্শন কৰিবলৈ যাওতে এগৰাকী মহৰীক ৰাইজে পানীত দলিয়াই দিয়া বুলি সাংবাদিকক অৱগত কৰে৷

ঠিকাদাৰ, অভিযন্তাক নাপায় মহৰী দুগৰাকীৰ এগৰাকীক পানীত দলিয়াই দিয়াৰ লগতে আনজনকো প্ৰহাৰ কৰে বুলি ক্ষোভিত ৰাইজে প্ৰকাশ কৰে৷ বান আৰু গৰাখহনীয়াৰ কবলত পৰি ৰাজ্যৰ কেইবাখনো জিলাৰ লোকে হাহাকাৰ কৰিবলগীয়া হোৱাৰ সময়তে খহনীয়া ৰোধৰ নামত ডিব্ৰুগড় জিলাত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

ৰাজ্যৰ দল-সংগঠনে গৰাখহনীয়া ৰোধৰ বাবে তীব্ৰ প্ৰতিবাদ কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগৰ মাজতে ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ আঘোণীবাৰী গাঁৱত বুঢ়িদিহিং নৈৰ খহনীয়া ৰোধৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ তিনিটা মাহ পাৰ নৌহওতেই নৈৰ সোতে উটুৱাই নিয়ে ৫০ মিটাৰ দৈৰ্ঘ্যৰ বালি ভৰ্তি বস্তা।

পাঁচ গৰাকী ঠিকাদাৰে ৭ কোটি ৫৬ লাখ টকাৰে নিৰ্মাণ কৰিছিল ৯০০ মিটাৰৰ খহনীয়া ৰোধৰ বান্ধ। ইয়াৰে দেৱাশীষ দাস নামৰ ঠিকাদাৰজনে নিৰ্মাণ কৰা অংশটো জাহ যায় নৈত। স্থানীয় ৰাইজে খহনীয়া ৰোধৰ নামত ব্যৱহাৰ কৰে বালি ভৰ্তি বস্তা৷ বস্তা সমূহত বালি কমকৈ ভৰাই পানীৰ মাজতে যেনে-তেনে পাৰি দিয়াৰ ফলত উটুৱাই নিয়া বুলি অভিযোগ কৰে স্থানীয় ৰাইজে।

কেৱল চৰকাৰে খহনীয়া ৰোধৰ নামত টকা আৱন্টন দি একাংশ ঠিকাদাৰ আৰু অভিযন্তাক ধনী কৰা বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰে৷ কোটি কোটি টকা শৰাধ কৰাৰ পাছতো আঘোণীবাৰী অঞ্চলটোত বুঢ়িদিহিং নৈৰ খহনীয়া অব্যাহত আছে৷ ইফালে স্থনীয় ৰাইজে আঁচনিখন সঠিক ভাৱে ৰূপায়ণ নকৰাত ক্ষোভিত হৈ মহৰীক পানীত  দলিয়াই দিয়াৰ লগতে প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নৈৰ পানীৰ পৰা যেনে তেনে উঠি কথমপি প্ৰাণ ৰক্ষা কৰে মহৰীগৰাকীয়ে।