তিনিচুকীয়াঃ শিক্ষাক লৈ ব্যৱসায় কৰাৰ চেষ্টা চলিছে দেশত৷ সাধাৰণ মানুহৰ সন্তান-দৰিদ্ৰ পৰিয়ালৰ সন্তানে যাতে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে কাম কৰি গৈছে দেশৰ চৰকাৰে৷ যাৰ টকা আছে তাৰ বাবে শিক্ষা তেনে ব্যৱস্থাৰ দিশে আগবাঢ়িছে শিক্ষা ব্যৱস্থা৷

এই মন্তব্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ৷ বৃহস্পতিবাৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ সপ্তাহৰ সামৰণি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য আগবঢ়াই৷ অসমৰ যুৱ প্ৰজন্মক শিক্ষা আহৰণৰ লগে লগে জাতিটোৰ ভাষা, কৃষ্টি, সংস্কৃতি, লোক পৰম্পৰা ৰক্ষা কৰিবৰ বাবে কাম কৰি যোৱাৰ আহ্বান জনায়৷

জাতীৰ সংকট কালত সকলোকে একত্ৰিত হৈ মাৰবান্ধি থিয় দিবলৈ কৈ যুৱ প্ৰজন্মৰ এক হলে কোনো শক্তিয়ে জাতিৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে বুলি কয়৷ ছাত্ৰ-ছাত্ৰীক শিক্ষা আহৰণৰ লগে লগে দেশ-জাতিৰ সমস্যাৰ ওপৰত নজৰ ৰাখিবলৈও আহ্বান জনাই যুৱ-ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে৷ তিনিচুকীয়া জিলাৰ ঐতিহ্যমণ্ডিত তিনিচুকীয়া মহাবিদ্যালয়ৰ ৫৩ সংখ্যক সপ্তাহৰ সামৰণি অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূৱন গগৈ সহ প্ৰৱক্তা, কেইবাশতাধিক ছাত্ৰ-ছাত্ৰী, জিলাখনৰ গণ্য মান্য লোক উপস্থিত থাকে৷ 

 

তপন শইকীয়াৰ সহযোগত