লিডুঃ ৮ বছৰীয়া ছাত্ৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তিনিচুকীয়াত৷ তিনিচুকীয়া জিলাৰ লিডুৰ এগৰাকী ৮ বছৰীয়া কিশোৰ যোৱা ২০ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ পিছতো প্ৰশাসনে কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷

যাৰ ফলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত৷ লিডু আৰক্ষী চকীৰ অন্তৰ্গত মালোগাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ  প্ৰথম শ্ৰেণীৰ ছাত্ৰ কামভাম হাখুন নিৰুদ্দেশ হোৱাৰ চাৰিদিন উকলি যোৱাৰ পিছতো পৰিয়ালে বিছাৰি পোৱা নাই বুলি জানিবলৈ দিয়ে। ইতিমধ্যে পৰিয়ালৰ লোকে লিডু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

কোনো সদাশয় লোকে শিশুটোৰ সন্ধান পালে ৭০৮৬৭১৭৮৯৫ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে।