তিনিচুকীয়াঃ পূৰ্বতে পাণ্ডৱ বৰ্জিত বুলি এলেকা বুলি পৰিচিত শদিয়া বৰ্তমান পৰ্যটকৰ প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ অসমৰ অন্যতম বৃহৎ ভূমিপুত্ৰ হিচাপে চিহ্নিত চুতীয়া জনগোষ্ঠীৰ চাৰিশাল গোঁসানী বুঢ়া-বুঢ়ী শাল, কেচাঁইখাতি শাল, বলিয়াবাবা শাল আৰু পাটৰ শাল কেন্দ্ৰীক সভ্যতাৰ বেলি মাৰ যোৱাৰ পাছতেই চুতীয়া ৰাজ পৰিয়ালৰ শাসনৰ অন্ত পৰিল বুলি ইতিহাসে কয়৷

কিংবদন্তি অনুসৰি চুতীয়া ৰজা ৰত্নধ্বজপালে কুণ্ডিল নৈৰ পাৰত সিন্ধুক্ষেত্ৰ নগৰ নামেৰে এখন নতুন নগৰ নিৰ্মাণ কৰি থকা অৱস্থাতে ৰত্নধ্বজপালৰ পুত্ৰ গৌড় দেশত অধ্যয়ন কৰি থকা অৱস্থাত অকাল মৃত্যুক সাৱটি লয়৷ গৌড় দেশৰ ৰজাই চুতীয়া সকলৰ মৃতকৰ সৎকাৰ বিধি সম্পৰ্কে জ্ঞাত নোহোৱাত ৰাজকুমাৰৰ মৃতদেহ কুণ্ডিল নগৰীলৈ প্ৰেৰণ কৰে ৷

পুত্ৰৰ অকাল মৃত্যুত মৰ্মাহত ৰত্নধ্বজপালে নিৰ্মীয়মাণ সিন্ধুক্ষেত্ৰতে পুত্ৰক সমাধিস্থ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ পৰৱৰ্তী সময়ত এই কুণ্ডিল নগৰ বা সিন্ধুক্ষেত্ৰ নগৰেই শৱ দাহ কৰাৰ ফলত শ-দিয়া অৰ্থাৎ আজিৰ শদিয়া নাম পায়৷ ২৬ মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ভাৰতৰ ভিতৰত দীৰ্ঘতম ড৹ ভূপেন হাজৰিকা সেঁতু উদ্ধোধন কৰাৰ লগে লগে কলীয়াপানী সদৃশ শদিয়াবাসীৰ কৌটিটকীয়া সপোন বাস্তৱত পৰিণত হ'ল ৷

সূদীৰ্ঘ ৯.১৫ কি.মি. জুৰি নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমখন দীৰ্ঘতম দলংখন এপাক চোৱাৰ মানসেৰে নিতৌ দূৰ-দুৰণিৰ পৰা সহস্ৰাধিক পৰ্যটক আহি দলংখন চোৱাৰ উপৰিও ঐতিহাসিক চুতীয়াসকলৰ ৰাজধানী আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মস্থান শদিয়াত এভূমূকি মাৰিবলৈ ভিৰ কৰেহি ৷

পুৰ্বতে থকা খোৱাৰ কোনো সা-সুবিধা নথকা সহস্ৰাধিক দুৰণিবটীয়া পৰ্যটকৰ সুবিধাৰ্থে কেন্দ্ৰ কৰি স্থানীয় লোকৰ সহযোগত দলঙৰ  আশে-পাশে গঢ় লৈ উঠিছে বিভিন্ন হোটেল-ধাবা ৷

নিবনুৱা সমস্যাৰে জৰ্জৰিত ৰাজ্যখনৰ নিবনুৱা যুৱক- যুৱতীক আৰ্থিকভাৱে স্বচ্ছলতা লাভ কৰা কাৰ্য যি সমগ্ৰ অঞ্চলটোৰ বাবে এক ইতিবাচক দিশ ৷ বৃহত্তৰ অঞ্চলটোৰ প্ৰায় দুই পৰা তিনি শতাধিক লোকে ইতিমধ্যে পৰ্যটকক কেন্দ্ৰ কৰি হোটেল ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ উপৰিও পৰ্যটকৰ আমোদ-প্ৰমোদৰ বাবে নৌকা বিহাৰ, স্নান, বৰশী বোৱা আদি সুবিধা প্ৰদানেৰে দুপইচা অৰ্জনৰ পথ মোকলাইছে৷