ফাইল ফটো
ফাইল ফটো

তিনিচুকীয়াঃ ৰাজ্যৰ কোনোবা নহয় কোনোবা ঠাইত প্ৰতিদিনে নিধন হয় বন্য জীৱ-জন্তু৷ ৰাজ্য চৰকাৰৰ এটি বিয়াগোম বন বিভাগ থকাৰ পিছতো বন্য জীৱ-জন্তু হত্যা ৰোধ কৰিব পৰা নাই৷ বন্য জীৱ-জন্তু সুৰক্ষা দিয়াৰ কথা কৈ শাসনৰ গাডী দখল কৰা বিজেপি, অগপ আৰু বিপিএফে গঁড় সহিতে হাতীৰ হত্যা ৰো কৰিব পৰা নাই৷

বৰ বৰ কথা কোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই নিতৌ ন’ ন’ ঠাই ঘুৰি চমক সৃষ্টিৰ চেষ্টা কৰে যদিও যোৱা কেইবাটাও দিনৰ ভিতৰত কাজিৰহআ ৰাষ্ট্ৰীয় উদ্যানত চাৰিটাকৈ গঁড় হত্যা কৰে চোৰাং চিকাৰীয়ে৷

তাৰ মাজতে তিনিচুকীয়া জিলাৰ জাগুনত ধাননি পথাৰত এতি প্ৰকাণ্ড বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জাগুন অঞ্চলত সময়ে সময়ে হাতী-মানুহৰ সংঘাট হৈ থকাৰ সময়তে  ৩নং উদয়পুৰত শনিবাৰে পুৱাই একাংশ লোকে হাতীৰ মৃতদেহটো প্ৰত্যক্ষ কৰে৷ উদয়পুৰৰ চৰকাৰী ৰিজাৰ্ভৰ সমীপৰ ধাননি পথাৰত উদ্ধাৰ হোৱা হাতীটোক হত্যা কৰাৰ সন্দেহ কৰিছে একাংশ লোকে৷