টিংখাংঃ এদিন কাম নকৰিলে ঘৰ চলাব নোৱাৰা শ্ৰমিক ওলাই আহিল ৰাজপথলৈ৷ সহকৰ্মীক অকাৰণত আটক কৰাত ক্ষোভিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে চাহ শ্ৰমিকে৷

শুকুৰবাৰে টিংখাঙত শতাধিক শ্ৰমিকে শ্ৰম কৰিবলৈ এৰি কেইবাঘণ্টা ধৰি মৰাণ-নাহৰকটীয়া গড়কাপ্তানী পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। কেচা চাহ পাত চুৰিৰ সন্দেহত টিংখাং আৰক্ষীয়ে টিংখাঙৰ শালমাৰী চাহ বাগিছাৰ ৪ জন যুৱকক আটক কৰাৰ পিছতে ক্ষোভিত হৈ পৰে বাগিছাখনৰ কৰ্মচাৰীসকল৷  

যুৱক কেইজনক শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে। টিংখাঙৰ শালমাৰী চাহ বাগিছৰ সমস্যাৰ সমাধানৰ দাবীত শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰি অহাত যোৱা ১৯ জুলাইত প্ৰশাসনে জইন এক্স টি কোম্পানীৰ স্বত্বাধিকাৰী প্ৰতাপ কচাৰক চাহ বাগিছাখন চমজাই দিয়ে।

তাৰ মাজতে শুকুৰবাৰে নিশা বাগানখনৰ ৪ জন শ্ৰমিকক টিংখাং থানাৰ আৰক্ষীয়ে চাহ পাত চুৰি কৰাৰ অভিযোগত আটক কৰে। শ্ৰমিক কেইজনক সম্পূৰ্ণ মিছা অভিযোগত টিংখাং আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে আটক কৰা বুলি অভিযোগ উত্থাপন কৰি বাগিচাখনৰ শ-শ শ্ৰমিক ওলাই আহি মৰাণ-নাহৰকটীয়া ঘাইপথৰ টিংখাঙৰ তিনিআলিত পথটো অৱৰোধ কৰে।

শালমাৰী চাহ বগিছাৰ পূৰ্বৰ কৰ্তৃপক্ষই লোকচানৰ সন্মুখীন হৈ বাগিছখন বিক্ৰী কৰাৰ ফলত বাগিছখনত বছৰ-বছৰ ধৰি অচলাৱস্থাৰ সৃষ্টি হৈছিল৷ কিন্তু জইন এক্স টি কোম্পানীক চমজাই দিয়াৰ এমাহ নৌহতেই পুনৰ বাগিচাখনৰ একাংশ শ্ৰমিক ক্ষুব্ধ হৈ পৰিবলৈ বাধ্য হৈ পৰে। ফলত বাগিছাখনত আকৌ অচলাৱস্থাই দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।