গুৱাহাটীঃ অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ আজি ১৪৭ সংখ্যক জন্মদিন। ১৮৬৯ চনৰ ০২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত মোহনদাস  কৰমচান্দ গান্ধীৰ জন্ম হৈছিল। ৰাষ্ট্ৰ সংঘই আজিৰ দিনটো অহিংসা দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰাৰ পিছৰে পৰা বিশ্বৰ সকলো দেশে এই দিনটো অহিংসা দিৱস হিচাপে পালন কৰি আহিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজঘাটত উপস্থিত হৈ গান্ধীক শ্ৰদ্ধাঞ্জলি জনায়৷

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰীয়ে আজি ভিন্ন কাৰ্যসুচীত অংশ লোৱা দেখা যায়৷ আনহাতে, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বাপুক স্মৰণ কৰে জনসাধৰণে। উজনি-নামণিত দল-সংগঠন তথা শিক্ষানুষ্ঠান, ব্যৱসায়, চৰকাৰী-বেচৰকাৰি কাৰ্যালয়ত অহিংসা দিৱস পালন কৰা পৰিলক্ষিত হয়। ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানৰ বাবেও ওলাই অহা পৰিলক্ষিত হয়৷ ৰাজ্যৰ মন্ত্ৰী, বিধায়ক, বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে হাতে হাতে ঝাড়ু লৈ স্বাচ্ছ ভাৰত কাৰ্যসুচীত অংল লয়৷

ৰাজ্য চৰকাৰে বিহপুৰীয়াত কেন্দ্ৰীয় ভাবে পালন কৰে গান্ধী জয়ন্তী৷ বহপুৰীয়াৰ গান্ধী জয়ন্তী তথা স্বচ্ছ দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লয়৷ শোণোৱালে কিছু পলমকৈ কাৰ্যসুচীত উপস্থিত হৈ মহাত্মা গান্ধীৰ লগতে  তথা দেশৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা সকলক স্মৰণ কৰে৷ সোণোৱালে ৰাজ্য খনক স্বচ্ছ কৰিবলৈ সকলোকে সজাগ হবৰ বাবে আহ্বান জনায়৷

স্মৰ্তব্য যে, দেশৰ স্বাধীনতা আন্দোলনৰ এজন মুখ্য পথপ্ৰদৰ্শক অহিংস নীতিৰে পৰিচালিত সত্যাগ্ৰহৰ পথপ্ৰদৰ্শক গান্ধীৰ নেতৃত্বত পৰিচালিত হৈ দেশে স্বাধীনতা লাভ কৰিছিল। তেওৰ অহিংস নীতিৰ এই পন্থাৰ আধাৰত পৰৱৰ্তীকালত পৃথিৱীৰ বিভিন্ন স্থানত বিভিন্ন গণ-অধিকাৰ আন্দোলনৰ আৰম্ভ হয়৷ গান্ধীয়ে কম বয়সতে ১৮৮৩ চনত ১৩ বছৰ বয়সত মহাত্মা গান্ধীয়ে পিতৃ-মাতৃৰ পছন্দ অনুসৰি কস্তুৰবাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।

বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত ১৮ বছৰ বয়সত ১৮৮৮ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে বেৰিষ্টাৰি পঢ়াৰ বাবে মহাত্মা গান্ধী লণ্ডনলৈ যায়৷ লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজত পঢ়িব লয়। তাত ওকালতি পঢ়ি ১৮৯১ চনৰ জুন মাহত গান্ধীয়ে ভাৰতলৈ উভতি আহে। তাৰ পিছতে দক্ষিণ আফ্ৰিকাৰ এটি কোম্পানীত আই পৰামৰ্শ দাতা বিচাপে কাম কৰে। দক্ষিণ আফ্ৰিকাত গান্ধীৰ জীৱনৰ নাটকীয় পৰিৱৰ্তন হয়। ভাৰতীয় তথা কৃষ্ণাঙ্গসকলৰ প্ৰতি সাধাৰণভাবে প্ৰচলিত বৈষম্যৰ চিকাৰ হয় গান্ধী।

এদিন ডাৰবানৰ আদালতৰ ন্যায়ধীশে তেওক পাগুৰি খুলিবলৈ আদেশ দিছিল। গান্ধীয়ে সেই আদেশ অমান্য কৰি আদালত কক্ষৰপৰা ওলাই আহে। পিটাৰ মেৰিজবাৰ্গ ভ্ৰমণ কালত প্ৰথম শ্ৰেণীৰ টিকট থকা স্বত্বেও ৰেলৰ প্ৰথম শ্ৰেণীৰ দবা এটাৰ পৰা তৃতীয় শ্ৰেণীলৈ পঠিয়াই দিছিল। ষ্টেজকোচত ভ্ৰমণৰ সময়ত এগৰাকী পৰিচালকে গান্ধীক প্ৰহাৰ কৰে, গান্ধীয়ে ইউৰোপীয় যাত্ৰীক সুবিধা কৰি দিবলৈ ফুটবোৰ্ডত থিয় হৈ যাবলৈ অমান্তি হৈছিল।

যাত্ৰাপথত কেবাবাৰো এনে বৈষম্যৰ মুখামুখি হোৱাৰ উপৰিও কেইবাখনো হোটেলতো গান্ধীক থাকিবলৈ দিয়া হোৱা নাছিল৷ গান্ধীয়ে অহিংসাৰে সকলো ঘটনাৰ মুখামুী হোৱাৰ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰি অহিংস নীতিৰে দেশৰ স্বাধীনতা আন্দোলনৰ এজন মুখ্য পথপ্ৰদৰ্শক হিচাপে নেতৃত্ব দি দেশক স্বাধীন কৰিছিল৷ এইজন মহান নেতাৰ জন্মদিনটোত আজি সমগ্ৰ বিশ্বই স্মৰণ কৰে৷