06
Jul
2019

নতুন দিল্লীঃ শনিবাৰে বিশ্বকাপত মুখামুখী হ’ব মহাশক্তি দল ভাৰত আৰু শ্ৰীলংকা। এছিয়াৰ দুইটা দলেই শক্তিশালী৷
ইতিমধ্যে বাংলাদেশক পৰাস্ত কৰি ভাৰতীয় দলে বিশ্বকাপৰ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে।
মেচখনত টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয় শ্ৰীলংকাই। আনহাতে, ভাৰতীয় দলত কিছু সাল–সলনি কৰা হৈছে, মহম্মদ ছামীৰ স্থানত মূল একাদশত স্থান দিয়া হৈছে ৰবীন্দ্ৰ জাদেজাক। আজি এই খেল কেনেদৰে প্ৰদৰ্শন কৰিব সেয়া পৰৱৰ্তী সময়হে লক্ষণীয় হ’ব৷