
তেজপুৰত চাহজনজাতি ছাত্ৰ সন্থাৰ ৫০ ঘণ্টীয়া অনশন
চাহ জনজাতি লোকসকলক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তেজপুৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ৫০ ঘন্টীয়া অনশন কাৰ্যসূচীৰ আজি দ্বিতীয় দিন৷ চাহ জনজাতি ছাত্ৰ সন্থাৰ ৰাজ্যিক নেতা পল্লৱ বক্সিৰ নেতৃত্বত ৩০ জনীয়া এটি দলে তেজপুৰ সাহিত্য সভা ভৱনত অনশন কাৰ্যসূচীৰ পালন কৰা হয়৷ বিভিন্ন সময়ত চৰকাৰে চাহ জনগোষ্ঠীক প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ পৰা ফালৰি কাটি ফুৰা কাৰ্জক তীব্ৰ গৰিহনা দিয়াৰ লগতে সংগঠনটোৱে চাহ জনজাতিৰ পৰা মন্ত্ৰীত্ব পদ লাভ কৰা পল্লৱ লোচন দাসকো ক্ষুদ্ধধাৰে গৰিহনা দিয়ে৷ আনহাতে চাহ জনগোষ্ঠীক প্ৰদান কৰা সমস্ত প্ৰতিশ্ৰুতি অতি শীঘ্ৰে ৰূপায়ণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় সংগঠনটোৱে৷
অন্ধকাৰত শক্তি মন্ত্ৰীৰ সমষ্টি
শক্তি মন্ত্ৰীৰ ৰঙাপৰা সমষ্টি বৰ্তমান অন্ধকাৰত ডুৱ গৈ আছে। শোনিতপুৰৰ বালিপৰাত হোৱা ভয়াবহ বানপানীৰ ফলত আজি কেইবাদিন ধৰি অন্ধকাৰত বালিপৰা, ৰঙাপৰা, চাৰিদুৱাৰ অঞ্চল। ৰাইজৰ মাজত হাহাকাৰ। জৰাসৰ নৈৰ বাঢ়নী পানীয়ে বালিপৰাৰ বিদ্যুৎ বিভাগৰ বিদ্যুৎ বিতৰণ কৰা ট্ৰেস্ফৰ্মাৰ নষ্ট হোৱাৰ বাবেই অন্ধকাৰত বুৰ যায় সমগ্ৰ ৰঙাপৰা সমষ্টি। আনহাতে আগন্তক চাৰি দিনলৈকে অঞ্চলটোত বিদ্যুৎ যোগান দিব পৰা নাযাব বুলি বিভাগটোৰ কৰ্তৃপক্ষই ইতিমধ্যে জানিব পৰা জানিব পৰা গৈছে। আনহাতে ৰাজ্যৰ অকৰ্মণ্য মন্ত্ৰীৰ খিতাপ দখল কৰা শক্তিমন্ত্ৰী পল্লৱ লোচন দাসৰ খোদ সমষ্টিতোৱেই অন্ধকাৰত ডুব গৈ থকাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে একাংশ ৰাইজে৷
বালিপৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত শোনিতপুৰৰ বালিপৰাত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোনিতপুৰ জিলা সমিতিয়ে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বালিপৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দাহ কৰে প্ৰতিমূৰ্তি। হিন্দু বাংলাদেশী আৰু আৰ এচ এচৰ বিৰোধিতা কৰাৰ অখিল গগৈক ষড়যন্ত্ৰ কৰি গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলি জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোনিতপুৰ জিলা সমিতি। অখিল গগৈক বিনাচৰ্তে মুক্তি নিদিলে তীব্ৰ গনতান্ত্ৰিক আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।