15
Jul
2017

বিহালীঃ ৰাজ্যৰ চৌদিশে বানৰ কবলত পৰি মানুহে হাহাকাৰ কৰি থকাৰ সময়তে বিশ্বনাথৰ বিহালীৰ হাতীবন্ধাত আজি বাঘৰ আতংকই শংকিত কৰে ৰাইজক৷
আজি পুৱা প্ৰায় ৯-২০ বজাত হাতীবন্ধাৰ এখন ব্যক্তিগত খণ্ডৰ চাহ বাগিছাত কৰ্মৰত শ্ৰমিকক বাঘে পাছফালৰ পৰা আক্ৰমণ কৰাৰ ফলত বাঘৰ আতংকই বিৰাজ কৰিছে অঞ্চলটোত৷
আনন্দ চূণ্ডী (৩০) নামৰ শ্ৰমিকজনকে বাগিছাখনৰ মূল গেটৰ পৰা ভিতৰলৈ সোমাই গৈ থাকোতেই পিছফালৰ পৰা অতৰ্কিতে বাঘে আক্ৰমণ কৰে৷
শ্ৰমিকজনে চিঞৰ-বাখৰ কৰাত আন আন শ্ৰমিকে দৌৰি আহি বাঘটোক খেদি শ্ৰমিকজনৰ প্ৰাণ ৰক্ষা কৰে।জানিব পৰা মতে, কাজিৰঙা উদ্যান বানৰ পানীয়ে বুৰাই পেলোৱাৰ ফলত বন্যপ্ৰাণীয়ে ওখ ঠাই বিচাৰি জনাঞ্চলত প্ৰৱেশ কৰিছে৷