নলবাৰীঃ আজি নলবাৰীৰ চান্দুকুছি গাঁওৰ বৰুৱা চুবুৰিৰ ৰাজহুৱা দুৰ্গা মন্দিৰত নলবাৰী সমষ্টিৰ বিধায়কৰ পুঁজিৰ অনুদানেৰে নিৰ্মাণ কৰা শৌচাগাৰটো উদ্বোধন কৰা হয়।

আনুষ্ঠানিক ভাবে ফিটা কাটি শৌচাগাৰটো উদ্বোধন কৰে স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাই। অঞ্চলটোৰ ৰাইজৰ দাবীক সন্মান জনাই বিধায়ক গৰাকীয়ে ৰাজহুৱা অনুষ্ঠানত এনেদৰে অনুদান দিয়া বাবে বিধায়কগৰাকীৰ শলাগ লৈছে স্থানীয় ৰাইজে৷