18
Aug
2017

বঢ়মপুৰঃ বানৰ পাছকতেই এইবাৰ বঢ়মপুৰ বাসীৰ মাজত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস৷ দীৰ্ঘদিন ধৰি বন্যহস্তীয়ে আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ পাছত কালি নিশা পুনৰ ধমপুৰৰ পুৰণিগুদামত বন্যহস্তীয়ে তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰে৷ বৃহত্তৰ অঞ্চলটোৰ বৰুৱা চুক, শইকীয়া চুক, ম'হপৰা আদি অঞ্চলত তিনি-চাৰিজনীয়া এটা বনৰীয়া হাতীৰ জাকে ওৰে নিশা উপদ্ৰৱ চলায়৷
অঞ্চলটোৰ তিনিটাকৈ বাসগৃহ, উৎপাদিত খেতি লণ্ড-ভণ্ড কৰাৰ উপৰিও হাতীৰ জাকটোৱে এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰো বিস্তৰ ক্ষতিসাধন কৰে৷ দীৰ্ঘদিন ধৰি হাতীৰ জাকটোৱে অঞ্চলটোত তাণ্ডব চলাই থকাৰ পাছতো কিন্তু গা লৰা নাই ৰাজ্য চৰকাৰৰ বন বিভাগৰ৷
হাতীৰ জাকটোৰ আক্ৰমনৰ বিষয়ে স্থানীয় ৰাইজে বন বিভাগক বহুবাৰ অবগত কৰাৰ পাছতো এতিয়ালৈকে কোনো ব্যৱস্থা হাতত লোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ভুক্তভুগী স্থানীয় ৰাইজে৷