তেজপুৰঃ তেজপুৰৰ পৰোৱাত থকা দৈনিক বজাৰ মাটি দখলক কেন্দ্ৰ কৰি আজি তীব্ৰ উত্তেজনা সৃষ্টি হয়।

আজি পুৱা তেজপুৰ পৰোৱাৰ বজাৰৰ চৰকাৰী ভূমি একাংশ লোকে দখল কৰি মাছকে ধৰি ফাৰ্নিচাৰৰ দোকান দি আছিল।

আজি পথৰ ওপৰত থকা দোকানবোৰৰ ব্যৱসায়ত আৰক্ষীয়ে বাধা কৰাত বজাৰখনত এক উত্তেজনা পূৰ্ণ পৰিৱেশ সৃষ্টি হয়৷