নাহৰকটীয়াঃ মাথো এজাক বৰষুণ আৰু একাঁঠু পানী৷ পৰিৱৰ্তনৰ ঢাক-ঢোল বজাই উন্নয়নৰ কথা কোৱা চৰকাৰৰ দিনত এনে ঘটনা ঘটি আছে চৌদিশে৷ মাথো এজাক বৰষুণতে ৰাস্তাৰ মাজত একাঁঠুলৈকে পানী জমা হৈ জনজীৱনত বাধাৰ সৃষ্টি কৰা এনে ঘটনা পৰিৱৰ্তনকামী চৰকাৰৰ দিনত সৰ্বত্ৰে উপলব্ধ৷

আজি এজাক চিপচিপিয়া বৰষুণৰ পাছতেই নাহৰকটীয়া টাউনৰ মূল পথত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত যাতায়তত অসুবিধাৰ সৃষ্টি হয়৷ নাহৰকটীয়া চিনেমা হলৰ সন্মুখত সাধাৰণ এজাক বৰষুণত ৰাস্তা পানীৰে পৰিপূৰ্ণ হৈ পথচাৰী যাব নোৱাৰা পৰিৱেশ হৈছে।

ৰাস্তা কাষত বনাই থকা পকা নলাসমূহৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠাত বৰষুণৰ পানী পথৰ ওপৰতে আবদ্ধ হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে৷ যাৰ ফলত চহৰখনৰ সাধাৰণ জীৱনযাত্ৰা ব্যহত হৈ পৰিছে৷