
গোগামুখঃ ধেমাজি জিলাৰ জীয়াধল নদীয়ে ১৬ আগষ্টত যি প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰিছিল তাৰ পাছতেই যন্ত্ৰনাৰ সীমা নহোৱা হৈছে ধেমাজিবাসী ৰাইজৰ৷ অন্ন-বস্ত্ৰ-বাসস্থানৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হোৱা বানাক্ৰান্তই এতিয়া অভাৱত ভূগিছে এটুপি খোৱা পানীৰো৷
বানাক্ৰান্তৰ ৰাইজৰ মাজত চৰকাৰ প্ৰশাসনে খোৱা পানীৰ বাবে দমকলৰ ব্যৱস্থা কৰি দিছে যদিও সেয়াই কেৱল সীমিত লোকৰ অভাৱ হে পূৰণ কৰিব পাৰে৷ বিশেষকৈ মিঠাৰাম চাপৰি গাঁৱৰ ৰাইজে খোৱা পানীৰ বাবে জীয়াতু ভূগিবলগীয়া হৈছে৷ এটুপি খোৱা পানীৰ বাবে গাঁওবাসীয়ে পৰ থাকিব লাগে ৰাজহুৱা দমকলৰ ওচৰত৷
আনহাতে এটুপি পানীৰ বাবে শেষত গাঁওবাসীৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাও পৰিলক্ষিত হৈছে৷ ৰাইজৰ অভিযোগ অনুসৰি গাঁওখনত দমকল আছে এটা৷ তাৰ বিপৰীতে গাঁওখনৰ জনসংখ্যা অধিক হোৱা বাবে কাজিয়াৰ সূত্ৰপাত হয়৷
আনহাতে একাংশ স্বাৰ্থলোভী উচ্চস্তৰীয় লোকে চৰকাৰী দমকল হস্তগত কৰি নিজাববীয়াকৈ ঘৰত বহুৱাই লোৱাৰো অভিযোগ তুলিছে ৰাইজে৷ এই ক্ষেত্ৰত যদিহে অতি শীঘ্ৰে খোৱা পানীৰ ব্যৱস্থা নকৰে তেতিয়া হ’লে ইয়াত পানীৰ বাবেই ৰাইজৰ মাজত যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি হ’ব বুলি আশংকা কৰা হৈছে৷