অভয়াপুৰীঃ উত্তৰ-পূৰ্বাঞ্চল বিশ্বৰ যিকোনো ঠাইৰ পৰ্যটকৰ বাবে ৰম্যভূমি হৈ পৰিব পৰা সমল আছে। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত পৰ্যটনৰ বাবে বিশেয আকৰ্ষণৰ কেন্দ্ৰ হ'ব পাৰে অসম। উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰডলি আৰু সাতভনীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ৷

প্ৰাকৃতিক সম্পদ আৰু নানান ঐতিহাসিক সমল তথা সাংস্কৃতিক সম্পদেৰে সমৃদ্ধিশালী ৰাজ্য অসমৰ প্ৰকৃতিৰ অপূৰ্ব নান্দনিক শোভা, জনগোষ্ঠীয় বৈশিষ্ট্য আৰু বিভিন্ন জীৱ-জন্তুৰ কাৰণে বৰ্তমান পৰ্যটনৰ স্থলী হিচাপে বিশ্বত পৰিচিত হৈছে ৷

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নামনি অসনৰ স্থাপত্য-ভাস্কৰ্য শিল্পৰ জৰিয়তে বিশ্বত গৌৰৱৰ ইতিহাস বহন কৰা সেউজীয়াৰে পৰিৱেষ্টিত অসমৰ শৈল ভাস্ক্যৰ্যৰ এক অপূৰ্ব নিদৰ্শন যোগীঘোপাৰ দুগ্ধনাথ পাহাৰ। ইতিহাস প্ৰসিদ্ধ এই যোগীঘোপা বঙাইগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত । ব্ৰহ্মপুত্ৰৰ পাৰতেই আছে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ দুগ্ধনাথ পাহাৰ। 

বিখ্যাত অজন্তা-ইলোৰাৰ সদৃশ অপূৰ্ব শৈল ভাস্কৰ্যৰে কেইবাটাও গুহা বা ঘোপাৰে পৰিবেষ্টিত দুগ্ধনাথ পাহাৰ বৰ্তমান অসমৰ এক উল্লেখযোগ্য পৰ্যটন স্থলী । ব্ৰহ্মপুত্ৰৰ ওপৰত থকা নৰনাৰায়ণ সেতুৰ পৰা প্ৰায় ১কি.মি. পূৰ্বে থকা এই গুহাকেইটাই ব্ৰহ্মপুত্ৰৰ বালিচৰৰ কাষত এক দৃষ্টিনন্দন দৃশ্যৰ সৃষ্টি কৰিছে । যাৰ বাবে সেই ঠাইলৈ বহুতো দৰ্শনাৰ্থী তথা বনভোজকাৰী দলে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

পুৰণি আখ্যান মতে প্ৰায় ৬৫৫ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দৰ ভিতৰত প্ৰকাণ্ড শিলত খোদিত হৈছিল ইতিহাস প্ৰসিদ্ধ পাঁচটাকৈ গুহা বা ঘোপা । উল্লেখ্য যে এই গুহা বা ঘোপা সমূহত প্ৰাচীন কালত ঋষি -মুনি সকলে তপস্যা কৰাৰ বাবেই এই অঞ্চলটোৰ নাম যোগীঘোপা হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। আনফালে কাৰিকৰী দিশৰ পৰা গুহাসমূহ অজন্তা আৰু ইলোৰাৰ লগত তুলনা কৰা হৈছে ।

১.৯মিটাৰ ওখ,২.৬মিটাৰ পথালি আৰু ১.৮মিটাৰ গভীৰ গুহাকেইটাৰ প্ৰত্যেকটোৰে বাৰাণ্ডা আছে । দীঘে ৭৫ছে.মি. আৰু পথালিয়ে ৩৫ছে.মি. থকা বাৰাণ্ডাই গুহাকেইটাৰ সৌন্দৰ্য্যবৰ্ধন কৰিছে । এই দুগ্ধনাথ পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ এক বৃহৎ এলেকাৰ লগতে সৌন্দৰ্যক অনন্য মাত্ৰা প্ৰদান কৰি সৃষ্টি হোৱা বালিচৰ সমূহ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত থকা নৰনাৰায়ণ সেতুৰ নয়নাভিৰাম দৃশ্য প্ৰত্যক্ষ কৰিব পাৰি। 

অজন্তা-ইলোৰা সদৃশ এই গুহা সমূহ ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ  বিভাগে সংৰক্ষণৰ ব্যৱস্থা কৰি দৰ্শনাৰ্থীৰ সুবিধাৰ্থে পাহাৰৰ চূড়ালৈ যাব পৰাকৈ ছিৰি বনাই দিয়ে। ঠায়ে ঠায়ে জিৰণি লোৱাৰ ব্যৱস্থা কৰি দিছে বিভাগটোৱে । পাহাৰৰ ওপৰৰ পৰা লক্ষ্য কৰিলে বৰ্তমান অৱস্থাত ব্ৰহ্মপুত্ৰৰ পানী শুকাই সৃষ্টি কৰা বালিৰ চৰ সমূহৰ নান্দনিক দৃশ্যই দৰ্শনাৰ্থীৰ মন মুহিবলৈ সক্ষম হৈছে।

স্থাপত্য- ভাস্কৰ্য শিল্পৰ জৰিয়তে  হব পৰা উদ্যোগৰ প্ৰচুৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি পৰ্যটনৰ ক্ষেত্ৰখন অধিক প্ৰসাৰিত কৰাৰ বাবে পৰ্যটন থলী গঢ়ি তোলা তথা উন্নয়ন সাধন অতীৱ প্ৰয়োজন।  এই ক্ষেত্ৰৱত অসম চৰকাৰে অধিক  গুৰুত্ব সহকাৰে ল’ব বুলি স্থানীয় যোগীঘোপাৰ লগতে বঙাইগাঁও জিলা বাসীয়ে আশা প্ৰকাশ কৰিছে ।