
গৰৈমাৰিঃ উজনিৰ নামনিৰ ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কুলাই-পাচিয়ে নধৰা হৈছে৷ দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন যৌৱন সকলো শেষ কৰা হাজাৰ হাজাৰ শিক্ষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷ এসাজ ভাত, বস্ত্ৰ, সন্তানৰ পঢ়াৰ খৰছৰ বাবে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিব লগা হৈছে৷ বহু শিক্ষাগুৰুৱে আনৰ গাড়ী চলাব লগা হৈছে, দিন হাজিৰা কৰিব লগা হৈছে৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মাহত্যা কৰিছে৷
বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিবৰ বাবে হাতত অৰ্থ নোহোৱাৰ বাবে বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছে৷ তাৰ মাজতে আৰু এগৰাকী মানৱ সম্পদ গঢ়াৰ খনিকৰে এই পৃথিৱীৰ পৰা অন্তৰত বহু বেদনা লৈ মেলানি মাগিলে৷ ৩২ বছৰ বিনা বেতনে ভেন্সাৰ শিক্ষানুষ্ঠানৰ কৰ্মৰত আন এজন শিক্ষাগুৰুৱে শিক্ষামন্ত্ৰীৰ আকোঁৰগোজ মনোভাৱৰ বাবে প্ৰাণ দিব লগা হ'ল বুলি অভিযোগ উত্থাপন হৈছে৷
দক্ষিণ কামৰূপৰ ছয়গাঁও শিক্ষা খণ্ডৰ গৰৈমাৰীৰ ১ নং কালাপানী আঞ্চলিক এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক আব্দুছ ছালামে (৫৬) বুধবাৰে অকাল মৃত্যুক আকোৱালি লয়৷ ১৯৮৬ চনত সংখ্যালঘু বসতি প্ৰধান অঞ্চলৰ কণ কণ লৰা-ছোৱালীৰ শিক্ষাদানৰ মহৎ উদ্দেশ্যে কালাপানী চৰত এখন স্কুল স্থাপন কৰিছিল। বিদ্যালয় খনে ১৯৯০ চনত স্বীকৃতি লাভ কৰিছিল চৰকাৰৰ। ১৯৯১ চনত চৰকাৰে ৰাজ্যৰ বহু ভেন্সাৰ স্কুল প্ৰাদেশীকৰণ কৰিছিল যদিও কালাপানী আঞ্চলিক এম ই মাদ্ৰাছা বাদ পৰি ৰৈছিল৷
পুনৰ চৰকাৰে ২০১৩ চনত বহু বিদ্যালয় প্ৰাদেশীকৰণ কৰে যদিও বিভাগীয় কৰ্তৃপক্ষই নানান অজুহাত দেখুৱাই কালাপানী এম ই মাদ্ৰাছা পুনৰ বাদ পৰি ৰ’ল প্ৰাদেশিকীকৰণৰ পৰা। কেৱল শিক্ষাদানকে জীৱনৰ উদ্দেশ্যে হিচাপে লোৱা প্ৰধান শিক্ষক আব্দুছ ছালামে জীৱন নিৰ্বাহ কৰাৰ নামত হাহাকাৰ কৰি অৱশেষত ইহসংসাৰৰ দুখ যন্ত্ৰণাৰ পৰা বিশ্ৰমা ললে চিৰদিনৰ বাবে৷
৩২ বছৰে বিনা বেতনে নিজৰ কৰ্তব্য পালন কৰি প্ৰধান শিক্ষক আব্দুছ ছালামে চাৰিটা সন্তানক অশেষ দুখ কষ্টৰ মাজেৰে পঢ়া-শুনা কৰাই। অতি কষ্টৰে পৰিশ্ৰম কৰি চাৰিটাকৈ মেধাৱী সন্তানক পঢ়ুপাই তেওঁ। দীৰ্ঘ দিন ধৰি বিনা বেতনে নিজৰ কৰ্তব্য পালন কৰি অঞ্চলটোৰ লৰা-ছোৱালীক মানৱ সম্পদ গঢ়াত ব্ৰতী হৈ আছিল। বুধবাৰে নিশা প্ৰধান শিক্ষক জনে হঠাৎ অসুস্থ হৈ পৰে৷
পুৱা পৰিয়ালে চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকা অৱস্থাত মিৰ্জাত সংকটজনক অৱস্থাত ততাতৈয়াকৈ এখন চিকিৎসালয়ত ভৰ্তি কৰাই যদিও কিছু সময়ৰ ভিতৰতে আব্দুছ ছালামে মৃত্যুক আকোৱালি লয়। ৪ বছৰ চাকৰী কৰাৰ বয়স আছিল তেওঁৰ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰ খনৰ চৰকাৰ খনৰ একে জনেই শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হেমাহিত ভেন্সাৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষকে এজন এজনকৈ পৃথিৱীৰ পৰা মেলানি মাগিব লগা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে ৰাজ্যজুৰি৷