দলংঘাটঃ দৰং জিলাৰ গাখীৰ খোৱা ৰাজ হাউলিত ৰজাঘৰীয়া পৰিয়ালে চাৰিশ বছৰীয়া পৰম্পৰা ধ্বজা উৰুৱাই মহবলি প্ৰথাৰে পালন কৰিলে মহা অষ্টমী৷ প্ৰায় চাৰিশ বছৰ পূর্বে আৰম্ভ কৰা পূজা ভাগত পূৰ্ব্বৰ দৰেই বলি বিধানৰ মাজেৰে মা দুৰ্গাৰ প্ৰতি সশ্ৰদ্ধ প্ৰনিপাত জনাই আহিছে ৰজাঘৰীয়া পৰিয়ালটোৱে৷

পৰম্পৰা অনুসৰি আজি কেইবাশ পঠা-পাৰৰ লগতে এটি মহ বলি প্ৰদান কৰি দেৱী দুৰ্গাক পূজা অৰ্চনা কৰে।লগতে উত্তৰ-পশ্চিম দৰঙৰ বালিপােতা, দেওমৰনৈ, হাপামাৰা, দলংঘাট,  বুঢ়ীনগৰ, বোক্ৰাঝাৰ, টেঙাবাৰী, উদমাৰী, গৰুবন্ধা আদি প্ৰায় কেইখন পূজা থলীতে মহাঅষ্টমীৰ পূজা অৰ্চনাৰে দেৱীক সেৱা আগবঢ়োৱা হয়৷