
নগাঁও টাউনঃ ট্ৰেফিক পুলিচ হল এইবাৰ কুকুৰ৷ নগাঁও চহৰৰ এটা পৰিত্যক্ত হৈ পৰি থকা ট্ৰেফিক পইন্টত বগা পোচাক পিন্ধা ট্ৰেফিকৰ সলনি কুকুৰৰহে ৰাজ চলা পৰিলক্ষিত হ’ল৷
উল্লেখ্য যে, নগাঁও চহৰৰ এটি ব্যস্ত অঞ্চল মৰিকলঙত থকা এটা ট্ৰেফিক পইন্টটো যোৱা কেইবাবছৰো ধৰি পৰিত্যক্ত অৱস্থাত আছে৷ ফলত বৰ্তমান সময়ত বহু যান-যঁট সৃষ্টি হোৱা দেখা যায় গৈছে এই অঞ্চলটোত। বিগত সময়ত কোনো ট্ৰেফিক পুলিচ নথকাৰ ফলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোক মৃত্যু মুখত পৰিছে।
এই ট্ৰেফিক পইন্টত কেৱল কুকুৰেই নহয় ঠেলাৱালা, ৰিক্সাৱালাকে আদি কৰি বহু লোকে এই পইন্টোত বহি জিৰণি লোৱাকে আদি কৰি আড্ডাত লিপ্ত হোৱাও দেখা পোৱা যায়।
বিগত সময়চোৱাত কেইবাবাৰো সাংবাদিকে সংবাদমাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো দৃষ্টিগোচৰ কৰাইছে যদিও আজি পৰ্যন্ত গা-নলৰিল প্ৰশাসনৰ। পৰবৰ্তী কালত কি ব্যৱস্থা গ্ৰহণ কৰিব এই ট্ৰেফিক পইন্টোৰ বিষয়ে সেইয়াহে লক্ষ্যনীয় হৈ পৰিছে।