04
Jan
2018

নলবাৰীঃ নলবাৰী ৰেল ষ্টেছনত বৃহস্পতিবাৰে চলন্ত ৰেলৰ পৰা পৰি এগৰাকী যুৱতী গুৰুতৰ ভাৱে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নামনিমুৱা বিকানেৰ এক্সপ্ৰেছ নামৰ চলন্ত ৰে'লখন পৰা পৰে যুৱতীগৰাকীয়ে৷ ৰেল খনে নলবাৰী ষ্টেছন অতিক্ৰম কৰিব খোজাৰ সময়তে জপিয়াই যুৱতীগৰাকীয়ে। আহত যুৱতীগৰাকীক ৰঙিয়াৰ চিৰাখুন্দিৰ নুৰজাহান বেগম বুলি জানিব পৰা গৈছে।
ৰে'ল আৰক্ষীয়ে সংকটজনক অৱস্থাত যুৱতীগৰাকীক ততাতৈয়াকৈ নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।