YouTube
YouTube

লংকাঃ এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল হোজাই। মঙলবাৰে নিশা ভাৰতীয় খাদ্য নিগমৰ চাউল ভৰ্তি মালবাহি ৰেলখন লাইনচ্যুত হয়। নিশা প্ৰায় চাৰে দহ বজাত হোজাইৰ খাদ্য নিগমৰ প্ৰৱেশ পথৰ সংঘটিত হয় এই ঘটনা। হোজাই ৰেল ষ্টেছনৰ পৰা ভাৰতীয় খাদ্য নিগমৰ গুদামত প্ৰৱেশ কৰাৰ সময়তে সংঘটিত হয় ঘটনা।

দুৰ্ঘটনাৰ সময়ত বিকত শব্দ হোৱাত সমীপৰ জনসাধাৰণৰ মাজত আতংক বিৰাজ কৰে আৰু লোক সকল নিজ ঘৰৰ পৰা বাহিৰলৈ ওলায় আহে। এই দুৰ্ঘটনাৰ ফলত ঘণ্টা ধৰি আবদ্ধ হয় পৰে ৰেলখন।

ইফালে উত্তৰ-পূব সীমান্ত ৰেলৰ লামডিং ডিভিজনৰ পৰা ৰেল কৰ্মী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও সম্প্ৰতি ডবা দুটা ৰেলপথত উঠাব পৰা নাই। ইফালে ৰেল বিভাগে সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰাৰ লগতে সাংবাদিকক কোনো তথ্য দিয়াৰ পৰা বিৰত থাকে।

ৰেল বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ গাফিলটিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে। হোজাই ৰেল ষ্টেচনৰ পৰা ভাৰতীয় খাদ্য নিগমৰ ভঁড়াললৈ যোৱা ৰেল পথছোৱা সময়ে সময়ে মেৰামতি কৰিব লাগে যদিও ৰেল বিভাগে মেৰামতি নকৰাৰ বাবে এনে ঘটনা সংঘটিত হল বুলিও অভিযোগ উঠিছে।

উল্লেখ্য যে, ভাৰতীয় খাদ্য নিগমৰ পৰা সামগ্ৰী কঢ়িওৱা বাবে ৰেল বিভাগে  বুজন পৰিমাণৰ ধন লাভ কৰি আহিছে।