05
Feb
2017

ইটানগৰঃ ভাৰত-চীন সীমান্তত সমুদ্ৰপৃষ্ঠৰপৰা ১০ হাজাৰ ফুট উচ্চতাত আছে প্ৰকৃতিৰ অপুৰ্ৱ সৃষ্টি মনোমোহা টাৱাং। এই টাৱাঙলৈকে ৰেলগাড়ী চলিব বুলি ভাবিবই নোৱাৰি। কিন্তু এই অসম্ভৱকো সম্ভৱ কৰি তোলাৰ বাবে মনস্থ কৰিছে উত্তৰ-পূৱ সীমান্ত ৰেল বিভাগে।
অৰুণাচল প্ৰদেশৰ সীমাতে থকা ভালুকপুঙলৈকে ৰেলৰ যাতায়ত আছে যদিও টাৱাঙৰ সৈতে ৰেলৰ যোগাযোগ নাই। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ টাৱাঙক সেয়ে ভালুকপুঙৰপৰা ৰেলপথেৰে সংযোজিত কৰাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰিছে ৰেল বিভাগটোয়ে।
আগন্তুক বৰ্ষতেই ৰেলপথ নিৰ্মাণৰ বাবে সমীক্ষাৰ কাম আৰম্ভ কৰা হ’ব বুলি উত্তৰ-পুৱ সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক এইচ কে জাগ্গিয়ে জনায়। আৰু দুটা ৰেলপথ স্থাপন কৰা হ’ব মুকুংচেলেকৰপৰা অৰুণাচলৰ পাচিঘাটলৈ আৰু চিলাপথাৰৰপৰা অৰুণাচল প্ৰদেশৰ বাণেলৈ। সম্পুৰ্ণ প্ৰকল্পটোৰ বাবে আনুমানিক ব্যয় হ’ব পাৰে ৫০ হাজাৰ কোটিৰপৰা ৭০ হাজাৰ কোটি।