লালুকঃ লখিমপুৰৰ লালুকত মহিলা সবলীকৰণৰ উদ্দেশ্যে দেওবাৰে মাই ৰজগাৰৰ কেন্দ্ৰ মুকলি কৰা হয়৷ হাৰ্বল ইণ্ডিয়া প্ৰাঃ লিঃ দ্বাৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰি লালুকত এটি চিলাই প্ৰশিক্ষণ কেন্দ্ৰ মহিলাৰ বাবে মুকলি কৰে৷

মাই ৰজগাৰৰ জ্যেষ্ঠ কাৰ্যকৰী সদস্য দীপক গোহাঁয়ে আতঁধৰা অনুষ্ঠানত মাই ৰজগাৰ হাৰ্বেল ইণ্ডিয়া প্ৰাঃ লিঃ উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক জিয়াউৰ ৰহমানে উপস্থিত থাকি মাই ৰজগাৰ হাৰ্বল ইণ্ডিয়াৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত ৰাইজক অৱগত কৰি প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি উৎপাদনৰ দ্বাৰা স্বাৱলম্বী হ’ব পাৰিব বুলিও উল্লেখ কৰে৷

অনুষ্ঠানত মুখ্য প্ৰশিক্ষক ববিতা বেগম, ড০ প্ৰদীপ বৰদলৈ, বৰদলনি কেন্দ্ৰৰ গ্ৰুপ লিডাৰ লক্ষ্যপুৰ চেতীয়া, জ্যেষ্ঠ কাৰ্যকৰী সদস্য আব্দুল বাছিৰ উপস্থিত থাকে৷