newsnextone.com | গোৰেশ্বৰঃ দুঃসাহসিক ক্ৰীড়াৰ ৰোমাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ’বলৈ ভাৰত-ভূটান সীমান্তত উপস্থিত হৈছে ৰাজ্যৰ প্ৰায় ৪৫ জনীয়া এটা যুৱকৰ দল৷ দুঃসাহসিক অভিযানৰ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ নৈৰ বুকুত উপস্থিত হোৱা দলটোৱে কৰি গৈছে বিভিন্ন জলক্ৰীড়া৷ 

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ১২ জুলাইৰ পৰা বাক্সা জিলাৰ বগামাটিত আৰম্ভ হৈছে ৭ দিনীয়া দুঃসাহসিক জলক্ৰীড়াৰ প্ৰশিক্ষণ শিবিৰ (ৱাটৰ ৰাফটিং)। ক্ৰীড়া প্ৰশিক্ষক তথা অসমৰ প্ৰথম এভাৰেষ্ট আৰোহী তৰুণ শইকীয়াৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ৩৬গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ লৈছে। 

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভূটান পাহাৰৰ পৰা বৈ অহা নৈত তথা বগামাটিত এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়৷ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভোলাঝাৰ উপৰখুটি উচ্চ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা হৈছে অস্থায়ী শিবিৰ। মুখ্য প্ৰশিক্ষক বৰাং টালাঙে অন্য ৯জন প্ৰশিক্ষকৰ সহযোগত প্ৰশিক্ষাৰ্থীসকলক হোৱাইট ৱাটৰ ৰাফটিংৰ বিভিন্ন দিশ, সুৰক্ষা কৌশল, ব্যৱহাৰিক কাৰিকৰী জ্ঞান প্ৰদান কৰে।

উল্লেখ্য যে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে দুঃসাহসিক জলক্ৰীড়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। অহা ১৮ জুলাইত শুৱাগপুৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কেইবাজনো বিশিষ্ট লোকৰ উপস্থিতিত বিশেষ আয়োজনেৰে অন্ত পৰিব শিবিৰৰ। ইতিমধ্যে অসমৰ দুঃসাহসিক পৰ্যটন মানচিত্ৰত বগামাটি এক জনপ্ৰিয় স্থল হিচাপে চিহ্নিত হোৱাত স্থানীয় লোকসকলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগক শলাগ লয়৷