মোৰাঝাৰঃ বিভিন্ন দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৰেন ডেকাক অৱশেষত এক নিৰ্দেশযোগে চৰকাৰে বিন্নাকান্দি উন্নয়ন খণ্ডৰ পৰা বদলি কৰে৷ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত বিন্নাকান্দি উন্নয়ন খণ্ডৰ বহু দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈ অহা খণ্ড উন্নয়ন বিষয়া নৰেন ডেকাক যোৱা ৪ জানুৱাৰীত এন জে পি ১৩১৬/পি/২০১৫/১৬/৯৭ নং নিৰ্দেশ যোগে চৰকাৰে বদলি কৰে৷

যাৰ ফলত যমুনামুখ সমষ্টিৰ দুৰ্নীতিগ্ৰস্থ একাংশ পঞ্চায়ত প্ৰতিনিধিৰ মাজত হাহাকাৰ লগা বুলি জানিব পৰা গৈছে৷ আনহাতে চৰকাৰৰ এই পদক্ষেপক দল-সংগঠনে আদৰণী জনাইছে৷ একাংশ ৰাজনৈতিক নেতাৰ সৈতে থকা সু-সম্পৰ্ক থকাৰ সুবাদতে বিন্নাকান্দি উন্নয়ন খণ্ডৰ চকী খনত পুণৰ বহিবলৈ বহু চেষ্টা কৰা বুলি জানিব পৰা যায় যদিও সফল হোৱা দেখা নাযায়৷ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অধিনৰ পঞ্চায়ত প্ৰতিনিধিসকলেওঁ নৰেন ডেকাক খণ্ড উন্নয়ণ বিষয়া হিচাপে ৰাখিবলৈ চেষ্টা কৰিছিল যদিও সকলো চেষ্টা বিফল হয়৷

নৰেন ডেকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ পৰা বদলি হৈ গলে বহু পঞ্চায়ত প্ৰতিনিধিৰ ধন লুন্ঠনৰ বাট বন্ধ হোৱাৰ লগতে যিসকলে ইমান দিন উন্নয়ন খণ্ডত উঠি ৰজা বহি ৰজা হৈ দুৰ্নীতি সংঘটিত কৰিলে তেওঁলোকৰ মুখা খোল খোৱাৰ আশংকাত পৰা বুলি খবৰ প্ৰচাৰ হয়৷ বিন্নাকান্দি উন্নয়ন খণ্ডত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতি সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়া নৰেন ডেকাৰ বিৰুদ্ধে থানাত গোচৰো ৰুজু হৈ থকা বুলি জানিব পৰা গৈছে৷

আনহাতে দুৰ্নীতিৰ তদন্ত নকৰি বিভাগে কেৱল নৰেন ডেকাক বদলি কৰিয়েই দায়িত্ব সামৰিলে বুলি অভিযোগ উত্থাপন হৈছে৷ উন্নয়ন খণ্ডত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ৰুজু হোৱা এটা গোচৰত উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা বিষ্ণু দাস, ৰেখা প্ৰভা নাথ, চৌধুৰী বজাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য সাহাব উদ্দিনক আৰক্ষীয়ে আটক কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছিল যদিও মুল অভিযুক্ত নৰেন ডেকাক সোধ-পোছ কৰিবলৈও সাহস হোৱা নাছিল আৰক্ষীৰ৷

অৱশেষত অগপৰ হোজাই জিলা সমিতিয়ে নিৰ্বাচন আয়োগৰ লগতে চৰকাৰক দিয়া অভিযোগৰ ফলত উন্নয়ন খণ্ডৰ পৰা নৰেন ডেকাক বদলি কৰিবলৈ বাধ্য হয়৷ অগপৰ হোজাই জিলা সমিতিয়ে নৰেন ডেকাৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগৰ লগতে উৰ্ধতন মহলক কেইবাবাৰো অভিযোগ দাখিল কৰিছিল৷ অগপৰ হোজাই জিলাৰ সভাপতি ৰেজাউল কৰিমৰ নেতৃত্বত যমুনামুখ যুৱ ঐক্য মঞ্চই নৰেন ডেকাক বদলি কৰি উন্নয়ন খণ্ডত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবীত অনশন কৰিছিল৷ বিভিন্ন দল-সংগঠনেও নৰেন ডেকাৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল৷ দুৰ্নীতিত অভিযোগ উত্থাপিত বিষয়াজনক বদলি কৰাত উৎফুল্লিত হৈ পৰিছে যমুনামুখৰ ৰাইজ৷