17
Jun
2017

ডিজিটেল ডেস্কঃ কেৰেলাৰ কোচি মেট্ৰ’ ৰেল নিগমে ট্ৰান্সজেণ্ডাৰ লোকক চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৰেলাত প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা এই মেট্ৰ’ ৰেলত সৌৰ পেনেলৰ ব্যৱহাৰ কৰা হৈছে।
আজি ৰাজ্যখনত মেট্ৰ’ ৰেলৰ শুভাৰম্ভ কৰে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে। পুৱা ১০ বাজি ৩০ মিনিটত কোচি মেট্ৰ’ শুভাৰম্ভ কৰে মোদীয়ে। কেৰেলাৰ ৰাজ্যপাল পি চাথাইশিৱম, মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ম, নগৰ উন্নয়ন মন্ত্ৰী ভেংকয়া নাইডুৰ লগতে মেট্ৰ’ মেন খ্যাত ই শ্ৰীধৰণৰ সৈতে মেট্ৰ’ ৰেলত এপাক ভ্ৰমণো কৰে মোদীয়ে।
২৫ কিমি দুৰত্ব সামৰি লোৱা এই মেট্ৰ’ ৰেল প্ৰকল্পটোৰ প্ৰথম ১৩.২ কিমি ইতিমধ্যে সম্পুৰ্ণ কৰা হৈছে। উল্লেখ্য যে মেট্ৰ’ ৰেলক ক্ৰটিমুক্ত কৰাৰ বাবে প্ৰথমবাৰৰ বাবে কোচি মেট্ৰ’ত যোগাযোগ ভিত্তিক ৰেল নিয়ন্ত্ৰণ প্ৰযুক্তি ব্যৱহৃত হৈছে।