10
May
2017

দলংঘাটঃ দৰং জিলা প্ৰকৃতি সুৰক্ষা পৰিষদৰ উদ্যোগত বলোপাৰা সমাজ কল্যাণ সংঘও ৰূপালীম পুথিভঁৰালৰ সহযোগত ৰামহৰিৰ বলোপাৰা সমাজ কল্যাণ সংঘৰ প্ৰাংগণত এহাজাৰ গছ পুলি বিতৰণ কৰা হয়। প্ৰকৃতি সুৰক্ষা পৰিষদ দৰং জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই কাৰ্যসূচী।
দৰং জিলা প্ৰকৃতি সুৰক্ষা পৰিষদৰ সভাপতি পবিত্ৰ প্ৰাণ ডেকাই গছপুলি ৰোপণেৰে কাৰ্যসূচী মুকলি কৰে। সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উপসভাপতি নিৰঞ্জন শইকীয়া, বৰঙাবাৰী হাইস্কুলৰ শিক্ষক মইনুল হক শইকীয়া, দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উপসভাপতি নিখিল শৰ্মাই গছপুলি বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ আঁত ধৰে দৰং জিলা প্ৰকৃতি সুৰক্ষা সমিতিৰ সম্পাদক প্ৰদীপ দাসে। লগতে গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মখবিৰ আলী আৰু নজল চন্দ্ৰ নাথে।