বঢ়মপুৰঃ বিশিষ্ট সাংবাদিক, সমাজকৰ্মী নগাঁৱৰ আমোলাপট্টিৰ নিবাসী বলেন বৰাৰ মৃত্যুত আজিও শোকস্তব্ধ হৈ আছে নগাঁও৷ নগাঁৱৰ আমোলাপট্টিৰ নিজ গৃহত মৃত্যুক আকোৱালি লোৱা ‘দৈনিক অসম’ বাতৰি কাকতৰ সাংবাদিক তথা নগাঁৱৰ জনপ্ৰিয় সাপ্তাহিক কাকত "কলংপাৰ"ৰ সম্পাদক বৰাৰ স্মৃতিত বুধবাৰে বঢ়মপুৰ প্ৰেছ ক্লাৱৰ উৰিয়াগাঁৱস্থিত অস্থায়ী কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়৷

বঢ়মপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক জয়ন্ত বৰাই আঁতধৰা স্মৃতিচাৰণ সভাখনত সাংবাদিক জিতু শৰ্মা, নীলৰঞ্জন শৰ্মা, নিপুল বৰা, যতীন্দ্ৰ কুমাৰ শইকীয়া, বৰুণজ্যোতি নেওগ, দিব্যজ্যোতি ভূঞা, নয়ন মনি বৰা, ৰতন বৰা, হিমাংশু বৰা আৰু অজয় পাটৰ হোকাইৰ উপৰিও যথেষ্ট সংখ্যক সাংবাদিক উপস্থিত থাকে৷

বঢ়মপুৰ প্ৰেছ ক্লাৱে প্ৰস্তাব গ্ৰহণ কৰি সাংবাদিকগৰাকীক মৰোণোত্তৰ ভাৱে সাংবাদিক পেঞ্চন দিয়াৰ লগতে সাংবাদিকগৰাকীৰ পৰিয়ালক কৰ্মসংস্থাপন দিবৰ বাবে ৰাজ্য চৰকাৰক দাবী জনায়৷ ৰাজ্যৰ প্ৰতিগৰাকী সাংবাদিকক প্ৰয়াত সাংবাদিক বৰাৰ আদ্যশ্ৰাদ্ধ উপলক্ষে অহা ১৯অক্টোবৰৰ সন্ধিয়া ৬বজাত এগছিকৈ বন্তি প্ৰজ্বলন কৰাৰ আহ্বান জনায়৷ সভাৰ পূৰ্বে প্ৰয়াত সাংবাদিক বলেন বৰাৰ প্ৰতিচ্ছবিত বঢ়মপুৰ প্ৰেছ ক্লাৱৰ সভাপতি নিপুল বৰাই বন্তি প্ৰজ্জ্বলন আৰু চামগুৰিৰ জেষ্ঠ সাংবাদিক নিলৰঞ্জন শৰ্মাই মাল্যাপৰ্ণ কৰে৷