শোণিতপুৰঃ বিশিষ্ট সাংবাদিক, সমাজকৰ্মী নগাঁৱৰ আমোলাপট্টিৰ নিবাসী বলেন বৰাৰ মৃত্যুত শোণিতপুৰ জিলা সাংবাদিক সন্থাই গভীৰ শোক প্ৰকাশ কৰে৷শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি আনোৱাৰ আহমেদ আৰু সাধাৰন সম্পাদক পংকজ নাথে এক বিবৃতি যোগে সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

সাংবাদিক বলেন বৰাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় সাংবাদিক সংগঠনটোৱে। ‘দৈনিক অসম’ বাতৰি কাকতৰ সাংবাদিক বৰাই দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ নগাঁও জিলাৰ আমোলাপট্টিৰ নিজ গৃহত মৃত্যুক আকোৱালি লয়৷

আপকুৰ নগাঁও জিলা সমিতিৰ সভাপতি, নগাঁৱৰ জনপ্ৰিয় সাপ্তাহিক কাকত "কলংপাৰ"ৰ সম্পাদক, গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক অসম কাকতৰ জেষ্ঠ সাংবাদিক বলেন বৰাৰ মৃত্যুত সংবাদ জগতৰ অপূৰণীয় ক্ষতি হোৱা বুলি কয় শোণিতপুৰ জিলা সাংবাদিক সন্থাই৷