আগৰতলাঃ দেওবাৰে দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে ত্ৰিপুৰাত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহে৷ শনিবাৰে নিশা আগৰতলাৰ বিমান বন্দৰত উপস্থিত হৈ প্ৰাৰ্থী সকলৰ হৈ বৰজলা বিধান সভা সমষ্টিত এখন বৃহৎ সভাত অংশ লৈ মুখ্যমন্ত্ৰী মানিক সৰকাৰক তীব্ৰ সমালোচনা কৰে৷ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী মানিক সৰকাৰক স্বচ্ছতাৰ প্ৰমাণ দিবলৈ আহ্বান জনায়৷

তেও কয় ‘‘যোৱা ২৫ বছৰে বামপন্থী শাসনে ত্ৰিপুৰাক বোকাময় কৰি পেলাইছে৷ এইবাৰ ৰাজ্য খনত পদুম ফুলিবই৷ নাৰী নিৰ্যাতনত ত্ৰিপুৰা শীৰ্ষ স্থানত আছে৷ আইন শৃংখলা পৰিস্থিত বেয়া হোৱাৰ বাবে মানুহ নিৰাপত্তাহীনতাত ভূগিছে৷ দৰিদ্ৰ লোকক বিভ্ৰান্ত কৰি বেছিদিন শাসন কৰিব নোৱাৰি৷’’ ইমানে নহয় ৰাজনাথ সিঙে এতিয়া সকলোৱে কেন্দ্ৰীয় চৰকাৰৰ ফালে চাই থকা বুলি কৈ যুৱকসকলক সহজেই স্বনিৰ্ভৰ শীল কৰিব পৰা যাব বুলি কয়৷

ইচ্ছা শক্তি থাকিলে এই সকলো সম্ভৱ৷ ত্ৰিপুৰাৰ বামফ্ৰন্ট চৰকাৰৰ এনে কোনো ইচ্ছা নাই বুলি কয়৷ বিজেপি শাসিত মধ্যপ্ৰদেশ, ঝাড়খণ্ড আদি বেমাৰি ৰাজ্যৰ তালিকাত আছিল বুলি কৈ এতিয়া নিজৰ লগতে দেশৰ অৰ্থনীতিত ডাঙৰ ভূমিকা পালন কৰা বুলি কয়৷ এই সমূহ ৰাজ্যৰ পৰা মানিক সৰকাৰক শিক্ষা লোৱাৰ দৰকাৰ বুলি কয় ৰাজনাথে৷ নিজকে স্বচ্ছ বুলি প্ৰচাৰ কৰিলেও বাস্তৱত ৰাজ্য খনত বহু অনিয়ম ধৰা পৰিছে বুলি মানিক সৰকাৰক উভতি ধৰে ৰাজনাথে৷

যিয়ে ভ্ৰষ্টচাৰ কৰিছে তেওলোকক মুখ্যমন্ত্ৰীয়ে বচাব নোৱাৰিব৷ বিজেপি চৰকাৰ আহিলে ব্যৱস্থা লোৱা হ’ব৷ কংগ্ৰেছ আৰু চিপিআইএমক বাৰ বাৰ চৰকাৰ গঠন কৰিছে যদিও এইবাৰ বিজেপিক চৰকাৰ গঠন কৰি চাব দিয়ে ৰাজ নাথ সিঙে৷ দেশৰ ১৯ খন ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰা বুলি কৈ দলৰ নীতি আৰু চৰকাৰৰ নীতিৰ বাবে এই প্ৰভাৱ পৰা বুলি কয়৷

জনগনক বিজেপিয়ে বিশ্বাসত লব পাৰিছে বুলি কৈ দেশ সেৱা কৰাত সহায় হৈছে বুলি কয়৷ ত্ৰিপুৰাক উন্নত ৰাজ্য হিচাপে গঢ় দিব বুলি কয় তেও৷ আনহাতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে পুৱাই ত্ৰিপুৰাত উপস্থিত হৈ খোলা গাড়ীত উঠি ৰোড শ্বো কৰে৷ নেতাজীৰ মূৰ্তিত মাল্যৰ্পন কৰি চণ্ডিপুৰ বিধান সভা সমষ্টিত এখন সভা অংশ লয়৷ মুখ্যমন্ত্ৰী মানিক চৰকাৰক তীব্ৰ কটাক্ষ কৰি চিপিআইএমৰ গুণ্ডাই মহিলাক ধৰ্ষণ কৰিলেও দেশত প্ৰতিবাদ নহয় বুলি কয়৷