মঙলদৈঃ বানপানী শুকুৱাৰ পাছত এইবাৰ খৰাঙৰ কবলত পৰিছে ৰাজ্যৰ কৃষক৷ ৰাজ্যখনৰ বহু কৃষকৰ কঠিয়া বানে নষ্ট কৰি পেলায়৷ আনহাতে কঠিয়া থকা কৃষকসকলেও ৰুব পৰা নাই ভূঁই৷

কিয়নো পথাৰত নাই পানী৷ ছিৰাল ফাট মেলিছে কৃষি পথাৰত৷ ভৰ বাৰিষা কেইবাদিন ধৰি বৰষুণ নিদিয়াৰ ফলত শাওণৰ পথাৰত চিৰাল ফাটে কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷

জলসিঞ্চন বিভাগে বছৰি কোটি কোটি টকা কৃষকক পানী দিয়াৰ নামত খৰছ কৰে যদিও কৃষকে কেতিয়াও পানী নাপায়৷

দৰং-কালাইগাঁৱৰ ভূৰাগড় গাঁও পঞ্চায়তৰ বাঘৰবাৰীৰ বৰপথাৰত ৭ বছৰ পূৰ্বে কোটি কোটি টকা ব্যয় কৰি ৰাজ্য চৰকাৰৰ জলসিঞ্জন বিভাগে ৰূপায়ণ কৰিছিল এখন আঁচনি৷ পিছে আঁচনিখনৰ পৰা কৃষকে এটুপি পানীয়ো আজিলৈ পথাৰত খেতিৰ বাবে পোৱা নাই৷

যাৰ বাবে বৰষুণৰ পানীকে ভৰষা কৰি আজিও খেতি কৰিব লগা হয় কৃষকে৷ এতিয়া ভৰ বাৰিষা খেতি কৰিবলৈ কৃষকক পানী লাগে যদিও বৰষুণ নিদিয়া বাবে পথাৰত চিৰাল ফাট মেলিছে৷ বিমোৰত পৰা কৃষকসকলে ভগৱানকে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছে৷