ৰঙিয়াঃ স্বয়ং সেনা জোৱান সুৰক্ষিত নহয় ৰেলৰ ভিতৰত৷ মঙলবাৰে চলন্ত ৰেলৰ ভিতৰত দুৰ্বৃত্তই সেনাৰ জোৱানক নিচাযুক্ত দ্ৰব্য খুওৱাই লুটি নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াত। 

জানিব পৰা মতে, এটি পথ নিৰ্মাণ সংস্থাৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত অনিল কুমাৰ নামৰ জোৱান জনে এখন ৰেলেৰে ৰাজ্যৰ বাহিৰৰ নিজ ঘৰলৈ গৈ থকা অৱস্থাত ৰঙিয়া ৰেল ষ্টেছনৰ পৰি কিছু নিলগত নিচাজাতিয় দ্ৰব্য খুৱাই অচেতন কৰি অৰ্ধ লক্ষাধিক নগদ ধন সহ মূল্যৱান সা-সামগ্ৰী লুটি নিয়ে।

গুৰুতৰভাৱে অসুস্থ জোৱান জনে কোনোমতে ৰঙিয়া ৰেল জংচনত ৰেলৰ পৰা নমাৰ পিছত অচেতন হৈ পৰি যায়। ষ্টেছন ৰোডৰ এলাহাবাদ বেংকৰ সমীপতে অচেতন হৈ পিৰ যোৱাত হুৱা-দুৱা লাগে। পিছত ৰাইজৰ সহযোগত ৰঙিয়া আৰক্ষীয়ে জোৱান জনক সংকটজনক অৱস্থাত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।