
আমগুৰিঃ ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকৰ খেতি পথাৰ বানে ধুই নিয়ে৷ কঠিয়া, নকৈ ৰোৱা ভূঁই বানৰ পানীয়ে নষ্ট কৰাত মূৰে কপালে হাত দিব লগা হয় কৃষকে৷ বানৰ পানী শুকুওৱাৰ পাছত পুনৰ কঠিয়া পাৰি পথাৰ চহাই খেতিয়কসকলে অতি কষ্টৰে ভূূঁই ৰুইছিল যদিও পুনৰ কৃষকক মাধমাৰ শোধাইছে পোকে৷
ৰাজ্যৰ বিভিন্ন ঠাইত শুৰ পোকে খেতি পথাৰ নষ্ট কৰাৰ লগতে চৰহা পোকে কৃষি পথাৰ নষ্ট কৰিবলৈ আৰম্ভ কৰিছে৷ ধানখেতিত চৰহা পোক নামৰ কাঁইটীয়া গুৱৰুৱা জাতীয় মাৰাত্মক কীটৰ উপদ্ৰৱৰ ফলত ৰাজ্যখনত বছৰ বছৰ ধৰি কৃষিৰ উৎপাদন কমি আহিছে৷ চৰহা পোকে সাধাৰণতে কঠিয়া নতুবা কোমল ধানৰ পাতত আক্ৰমণ কৰে৷
ধানৰ চোপৰ সেউজীয়া অংশ খাই নষ্ট কৰাৰ ফলত ধানৰ পাতবোৰ হালধীয়া হ’ব ধৰে৷ পোকে জন্ম দিয়া পলুবোৰে পাতৰ ভিতৰতেই ডাঙৰ হৈ বিঘাই বিঘাই কৃষিভূমি নষ্ট কৰে যদিও কৃষকে গমকে নাপায়৷ যি সমূহ পথাৰত চৰহা পোকে বাৰে বাৰে আক্ৰমণ কৰে তেনে পথাৰৰ পূৰ্বৰ নৰাবোৰ পুৰি পেলাব লাগে বুলি কৃষি বিশেষজ্ঞ সকলে পৰামৰ্শ আগবঢ়ায়৷
নৰাৰ মূঢ়াবোৰত শতিকালৈ বাস কৰে পোকসমূহে৷ শালিখেতিৰ পাচত আহু খেতি কৰিলে বিশেষভাৱে আক্ৰান্ত অঞ্চলৰ নৰাবিলাক পুৰি পেলােৱাৰ প্ৰয়োজন জানিব পৰা যায়৷ পথাৰত অসময়ত গজ ধান চোপবোৰ উঘালি পেলোৱাৰ লগতে মুঢ়াৰ পৰা গজা পুলিসমূহো নষ্ট কৰিব লাগে বুলি কৃষি বিশেষজ্ঞসকলে কোৱাৰ লগতে বহাগ বিহুৰ পাছত খেতিৰ মাটি চহাব লাগে বুলি পৰামৰ্শ দিয়ে৷
ইয়াৰ ফলত চৰহা পোকৰ খাদ্যৰ অভাব হৈ বংশ বৃদ্ধি কৰিব নোৱাৰে৷ চৰহা পোক সমূহে বছৰত ধান নথকা সময়ছোৱাত দলনি আৰু পিতনিত থকা দল, উৰিদল, বাহঁপতীয়া আদি ঘাঁহবিলাকত বংশ বৃদ্ধি কৰে৷ এনে ধৰণৰ ঘাঁহবিলাক ৰ্মাচ মাহৰ ভিতৰত নষ্ট কৰিবলৈ খেতিয়কসকলক কৃষি বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়ায়৷
আনহাতে কঠিয়া ৰোৱাৰ পাছত খেতিয়কসকলে খেতিপথাৰলৈ গৈ নজৰ ৰাখিব লাগে৷ কিয়নো পোকে ভিতৰি ভিতৰি খেতি পথাৰ নষ্ট কৰে যদিও বহু কৃষকে গমেই নাপায়৷ পোকে আক্ৰমণ কৰাৰ লগে লগে কৃষক অৱগত হলে কীটনাশক ছটিয়ালে খেতি বচাৰ উপক্ৰম হয়৷ আকৌ ৰাজ্যৰ এই ভয়াবহ চৰহা পোকৰ কবলত পৰিছে দুটাকৈ বানৰ কবলত পৰা কৃষক৷
কঠিয়া কিনি ভূই ৰুইছিল যদিও লাহে লাহে সঁজাল ধৰা পথাৰখন জাক জাক চৰহা পোকে নষ্ট কৰে৷ গাঁঠিৰ ধন ভাঙি কঠীয়া ক্ৰয় কৰি বানৰ পাছৰ কৃষকে খেতি পথাৰত ভূই ৰুবলৈ সক্ষম হৈছিল৷ কিন্তু প্ৰকৃতিৰ সন্মুখত উপায়হীন কৃষকসকল৷ ৰাজ্যৰ কৃষি বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ ফলত ভূতৰ ওপৰত দানৱ পৰাৰ দৰে পৰিছে চৰহা পোকে৷
সময়মতে কীটনাশক যোগান নধৰাৰ লগতে কৃষি বিশেষজ্ঞ খেতি পথাৰলৈ গৈ পৰামৰ্শ নিদিয়াৰ ফলতে কৃষকে গম নোপোৱাকৈয়ে এফালৰ পৰাই পোকে তহিলং কৰি গৈছে খেতি পথাৰ৷ খেতি ডৰাক ভৰষা কৰিয়ে পৰিয়াল চলাই ৰাজ্যৰ কৃষকসকলে৷ পৰিয়ালৰ সকলো সদস্যৰে বেমাৰ-আজাৰ, ল’ৰা-ছোৱালীৰ কিতাপ-পত্ৰ, কিতাপ-বহী সকলো কৃষিৰ উৎপাদনে পৰা খৰছ কৰে কৃষকসকলে৷
বোকাখাত মহকুমাৰ পাছত এইবাৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ খনামুখ অঞ্চলৰ পথাৰত আক্ৰমণ কৰে৷ চৰহা পোকে প্ৰায় ৪০০ হেক্টৰ ধানখেতি নষ্ট কৰা বুলি নিশ্চিত কৰিছে শিৱসাগৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰই৷ হিচপা বা চৰহা পোকে ইতিমধ্যে পথাৰত চানি ধৰাৰ ফলত দৈনিক বিঘাই বিঘাই ধানখেতি শুকান খেৰলৈ পৰ্যবসিত হৈছে৷
শিৱসাগৰ জিলাতেই এইবিধ পোকে আক্ৰমণ আৰম্ভ কৰিছে আৰু শীঘ্ৰেই ৰাজ্যৰ অন্য পথাৰসমূহতো বিয়পি পৰাৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে কৃষি বিজ্ঞান কেন্দ্ৰই৷ কৃষি বিভাগে শীঘ্ৰেই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে জিলাখনৰ আন আন পথাৰসমূহতো বিয়পি পৰিব এই পোকবিধ৷ ইয়াৰ লগতে হাত উজান দিছে 'মজ্জা খোৱা পোক' বিধেও।
এতিয়া শুৰ পোক, চৰহা পোক, মজ্জা খোৱা পোকে আগুৰি ধৰিছে অসমৰ পথাৰ৷ শুৰপোকৰ উপদ্ৰৱ প্ৰথমে শিৱসাগৰ জিলাৰ পৰাই আৰম্ভ হৈছিল৷
জিলা খনৰ পৰা বিস্তাৰিত হৈ সমগ্ৰ অসমৰ কৃষকক বিপদত পেলাইছিল শুৰপোকে৷ পুনৰ চৰহা পোকৰ উপদ্ৰৱত শংকিত হৈ পৰিছে কৃষক ৰাইজ৷ অথলে যাব নেকি দুটাকৈ বানৰ পাছত অতি কষ্টৰে কৰা খেতিডৰা৷ সমগ্ৰ ৰাজ্য বৰ্তমান মিছন চাইনাৰ জ্বৰত আক্ৰান্ত৷ ইয়াৰ সফলতা বিফলতাক লৈ সকলোৰে ব্যাপক চৰ্চা৷ কিন্তু কোনে বিশ্লেষণ কৰিব এইসকল সাধাৰণ কৃষকৰ দুৰ্দশাৰ কথা৷