
গোৰেশ্বৰঃ প্ৰাচীন কালৰ পৰাই অসম আৰু অসমীয়াৰ আদৰৰ অসমীয়া ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে৷ অসম ৰাজ্যৰ প্ৰচীন পণ্ডিতসকলে এই অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল৷
অসমীয়া ভাষাৰ বিকাশৰ গুৰি ধৰোতা ড০ বাণীকান্ত কাকতিয়ে প্ৰাচীন অসমীয়া-চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ, প্ৰাক-বৈষ্ণৱ আৰু বৈষ্ণৱ, সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণি পৰ্যন্ত অসমীয়াৰ ভাষাৰ আধিপত্যৰ কথা স্পষ্ট কৰি গৈছে৷
আধুনিক অসমীয়া ভাষাই ঊনবিংশ শতিকাৰ পৰা এতিয়ালৈ প্ৰচলিত বিশ্বৰ এটি আগশাৰীৰ ভাষা৷ কিন্তু এই ভাষা এতিয়া ৰাজ্যখনৰ এটি প্ৰান্তত লাহে লাহে বিলুপ্ত হ’বলৈ ধৰা বুলি প্ৰায়ে অভিযোগ উত্থাপিত হৈ আহিছে৷
একপ্ৰকাৰ কবলৈ গলে বিটিএডিত এতিয়া হিয়া ঢাকুৰি কান্দিছে অসমীয়া ভাষাই৷ বিটিএডি এলেকাৰ সংখ্যাগৰিষ্ঠ অবড়ো জনগণৰ আৱেগ-অনুভূতিৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছিল তৰুণ গগৈ চৰকাৰে। পৰৱৰ্তী সময়ত পৰিৱৰ্তনৰ শ্লোগান দি ৰাজপাট দখল কৰা বিজেপি চৰকাৰেও অতি নিৰ্লজ্জভাৱে এতিয়া হাগ্ৰামা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিলে।
আজি এই অভিযোগ উত্থাপন কৰে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাই। এক বিবৃতি যোগে অবড়ো নেতাগৰাকীয়ে এই মন্তব্য কৰাৰ লগতে শেহতীয়াকৈ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া ভাষাক পাকে-প্ৰকাৰে বিটিএডিৰ পৰা বৰ্জন কৰাৰ গভীৰ ষড়যন্ত্র ৰচা বুলি অভিযোগ উত্থাপন কৰে।
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ বিটিএডিৰ মহাবিদ্যালয়সমূহত শেহতীয়াভাৱে অসমীয়া, বড়ো, সংস্কৃত বিষয়ৰ বাহিৰে অন্য বিষয়ত স্নাতক মহলাৰ পৰা কেৱল ইংৰাজী ভাষাহে ছাত্ৰ ছাত্ৰীয়ে লিখিব লাগিব বুলি বড়োলেণ্ড বিশ্ববিদ্যালয়ে এক নিৰ্দেশনা জাৰি কৰিছে। অৰ্থাৎ স্নাতক মহলাত শিক্ষালাভৰ মাধ্যম ভাষা ইংৰাজী কৰিব বিচৰিছে বিশ্ববিদ্যালয়খনে।
ইয়াৰ জৰিয়তে বিটিএডিত অসমীয়া ভাষাক কবৰ দিয়াৰ ষড়যন্ত্র ৰচনা কৰিছে বুলি অভিযোগ কৰে কলিতাই।বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এনে সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰি এনে সিদ্ধান্তৰ আঁৰত অবড়োসকলক ভাষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ গভীৰ ষড়যন্ত্র লুকাই থকা বুলিও কলিতাই অভিযোগ কৰে।
যি সময়ত বিটিএডিত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা, চৰকাৰী ধনৰ অপব্যৱহাৰ, ভূটান সীমান্ত এলেকাৰ বানৰ তাণ্ডৱ আদি ক্ষেত্ৰত কোনো বিজ্ঞানসন্মত সিদ্ধান্ত ৰাজ্য চৰকাৰে ল'ব পৰা নাই, সেই সময়ত হাগ্ৰামা মহিলাৰী আৰু খাম্ফা বৰগয়াৰীৰ গোপন নিৰ্দেশত বিটিএডি এলেকাৰ অবড়ো সকলৰ পৰা অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ যোৱা কথাটো বিজেপি চৰকাৰে কেনেদৰে গ্ৰহণ কৰিছে বুলিও প্ৰশ্ন কৰে অবড়ো নেতা কলিতাই।
"এইবাৰ ভাষাৰ ওপৰত হাত দি অবড়োক শক্তিহীন কৰাৰ অপচেষ্টা চলাইছে। বিজেপিয়ে দিছপুৰত মিত্ৰজোঁটৰ চৰকাৰ চলাইছে কিন্তু বিটিএডিত বিজেপি দলৰ একমাত্ৰ এমচিএলএ ধৰ্মনাৰায়ণ দাসৰ সমষ্টিৰ খবৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে ৰখা নাই।"-কলিতাই কয়।
য'ত এমচিএলএ দাসৰ কথামতে কোনো এটা ভিচিডিচি গঠন কৰিব পৰা নাই। সেয়েহে বিটিএডিত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি দাবী উত্থাপন কৰে অবড়ো সুৰক্ষা সমিতিয়ে। বিটিএডিক বৰ্তমানলৈ কিমান ধন আবন্টন দিলে তাৰৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিলেই বিটিচিৰ দুৰ্নীতি ওলাই পৰিব বুলি দাবী কৰে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই।
বিটিএডিৰ পৰা অবড়ো গাঁও কৰ্তন, বিটিএডিত ভাষা-সংস্কৃতি অধিকাৰ ৰক্ষা তথা পৃথক বড়োলেণ্ড গঠনৰ ষড়যন্ত্ৰৰ প্ৰতিবাদত অহা ৫ চেপ্তেম্বৰত দিছপুৰ লাষ্টগেটত ধৰ্ণা প্ৰদান কৰিব বুলি ঘোষণা কৰে কলিতাই। সকলে জাতীয় সংগঠনৰ লগতে বিটিএডিত অবড়োৰ সুৰক্ষাৰ স্বাৰ্থত মাত মতা দল-সংগঠনক সহায়-সহযোগ আৰু উপস্থিতি থাকিবলৈ অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই আহ্বান জনায়।