the telegraph
the telegraph

মুছলপুৰঃ ২০১৫ চনৰ ফেব্ৰুৱাৰীত বি টি এডি কৰ্তৃপক্ষই বিটিএডিৰ ষষ্ঠ অনুসূচিত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক ৮০০০ হাজাৰ টকা মাহিলি দৰমহাৰ চুক্তিত ৬ মাহৰ বাবে শিক্ষক পদত নিয়ুক্তি প্ৰদান কৰিছিল। চাকৰিৰ ম্যাদ উকলি যোৱাৰ পিছত প্ৰতি ছয়মাহৰ মূৰে মূৰে পুনৰ ম্যাদ বৃদ্ধি কৰি অহা কৰ্তৃপক্ষই শিক্ষকসকলক প্ৰায় ২৫ মাহৰ দৰমহা আদায় দিয়া নাই৷

মাহৰ পাছত মাহ কাম কৰাৰ বিনিময়ত মাত্ৰ ৭ মাহৰ দৰমহাহে প্ৰদান কৰে বিটিএডি কৰ্তৃপক্ষই। কৰ্মজীৱনৰ অনিশ্চয়তাৰ মাজত এতিয়া দিন কটাবলগীয়া হৈছে বিটিএডিৰ প্ৰায় ১৭০০ ঠিকাভিত্তিত টেট শিক্ষক-শিক্ষয়িত্রীয়ে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি কৰ্তৃপক্ষৰ অবহেলাৰ বাবে আজি বে-ৰোজগাৰত ভুগিছে একাংশ শিক্ষক৷

২০১৫ চনৰ ১০ ফেব্ৰুৱাৰীত ৩০ মাহৰ বাবে বিটিএডিৰ চাৰি জিলাত ষষ্ঠ অনুসূচী বিশেষ টেট উত্তীৰ্ণ সকলক ঠিকাভিত্তিত মাহত আঠহাজাৰ টকাত উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত নিযুক্তি প্ৰদান কৰিছিল বিটিএডি কতৃপক্ষই৷ কিন্তু শিক্ষকতাৰ দৰে এটা পবিত্ৰ বৃত্তিৰ জৰিয়তে সমাজত শিক্ষাৰ পোহৰ বিলাই ৩০ মাহ সম্পূৰ্ণ কৰাৰ পাছতো ২৩ মাহৰে দৰমহা আদায় নিদিলে বিটিএডিৰ হাগ্ৰামা বাহিনীয়ে৷ এতিয়া মাথো আশা আৰু আশংকাতে দিন কটাবলগীয়া হৈছে শিক্ষকসকলে৷

বুকুত পৰিয়ালটোৰ দায়িত্ব আৰু ভবিষ্যতৰ সোণালী সপোন কঢ়িয়াই লৈ ফুৰা এইসকল ঠিকাভিত্তিক শিক্ষক আৰু শিক্ষয়িত্ৰী বৰ্তমান বে-ৰোজগাৰ৷ কিয়নো তেওঁলোকৰ চুক্তিগত ৩০ মহীয়া শিক্ষকতাৰ ম্যাদ যোৱা ১০ আগষ্টতে সম্পূৰ্ণ হ’ল৷ ইয়াৰ পাছতো বিটিএডি চৰকাৰে শিক্ষকতাৰ ম্যাদ বৃদ্ধি নকৰাত সংশয়ত ভুগিছে ষষ্ঠ অনুসূচী বিশেষ টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়ত্ৰীসকল৷ ৰাজ্যৰ শিক্ষা মন্ত্ৰীক আবেদন জনায়ো টেট শিক্ষক সকলে কোনো সুফল পোৱা নাই। বিটিএডি অঞ্চল হোৱা বাবে শিক্ষা মন্ত্ৰীয়ে টেট শিক্ষক সকলৰ সমস্যাসমূহ আওকাণ আৰু অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰিছে কৰিছে টেট শিক্ষকসকলে।

শিক্ষামন্ত্ৰীৰ মতে টেট শিক্ষকসকলৰ এই সমস্যা বি টি এডিৰ নিজৰ। শিক্ষা মন্ত্ৰীৰ এনে মন্তব্যত অতিষ্ঠ হৈ বি টি এডি অসমৰ বাহিৰত নেকি বুলিও প্ৰশ্ন কৰে বঞ্চিত শিক্ষকসকলে। ২০১৭ চনৰ ১০ ফেব্ৰুৱাৰীত চাকৰিৰ পুনৰ ৬ মাহৰ বাবে যি ম্যাদ বৃদ্ধি কৰা শিক্ষকসকলৰ সেই সময়ৰ পৰা অনাদায় দৰমহা এককালীন ভাৱে মোকলাই দিবলৈ দাবী জনায়।