02
Jul
2017

কোকিলাঃ ব্ৰইলাৰক মানুহৰ মৃতদেহ বুলি ভবাৰ ফলত আজি বঙাইগাঁও জিলাৰ মাণিকপুৰত মহা পয়মালে দেখা দিয়ে৷ জিলাখনৰ মাণিকপুৰ আৰক্ষী থানাৰ পৰা কিছু নিলগৰ পাতিলাদহা তিনি আলিত পুৱাৰ ভাগত একাংশ লোকে পথৰ দাতিত জংঘলত দুটি মুখবন্ধা বস্তা পৰি থকা প্ৰত্যক্ষ কৰে৷
বস্তা দুটাৰ পৰা দুৰ্গন্ধ ওলাই থকাত একাংশ লোকে মৃতদেহ থকা বুলি প্ৰচাৰ কৰাত বহুলোকৰ সমাগম হ'বলৈ ধৰে৷ কৌতূহলী একাংশ লোকে আৰক্ষীক খৱৰ দিয়াত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷
ৰাইজে সন্দেহ কৰা মতে দুৰ্বৃত্তই কোনো লোকক হত্যা কৰি বস্তাত বান্ধি নিশা পেলাই থৈ যায়। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জংঘলৰ মাজত পৰি থকা বস্তা দুটাত মানুহৰ মৃতদেহ থকা বুলি অনুমান কৰিছিল যদিও প্ৰায় এক ঘন্টাৰ মূৰত বস্তা দুটি আৰক্ষীৰ লোকে উদ্ধাৰ কৰে। পিছত দেখে যে মানুহে ভবাৰ দৰে বস্তাত মৃতদেহ নহয় আছে মৰি গেলি-পচি যোৱা ব্ৰইলাৰহে।