হোজাইঃ ব্যক্তিগত খণ্ডৰ টেলিকম কোম্পানী ভোডাফোনে ৰাইজক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ নেটৱাৰ্ক সঘনাই বিচ্ছিন্ন কৰাৰ লগতে নেটৱাৰ্ক থাকিলেও ফোন নালাগে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ বিগত সময়ছোৱাত বিভিন্ন সমস্যাৰ বাবে সাধাৰণ গ্ৰাহকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে হোজাই জিলাৰ যমুনামুখত ভোডাফোনৰ গ্ৰাহক সকলে বিভিন্ন সমস্যা ভোগ কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে ৷ বৃহত্তৰ যমুনামুখ অঞ্চলটোৰ ভোডাফোনৰ গ্ৰাহকে নেটৱাৰ্কৰ ক্ষেত্রত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে ৷

বিগত কেবামাহ ধৰি অঞ্চলটোত ভোডাফোনৰ নেটৱাৰ্ক প্ৰায় অধিকাংশ সময় নাথাকে যাৰ ফলত ইন্টাৰনেট ব্যৱহাৰ কৰা সকল বিপাঙত পৰিছে৷ ৩-জী'ৰ গ্ৰাহক সকলে নেটৱাৰ্কৰ ক্ষেত্রত অধিক সমস্যা ভোগ কৰি আহিছে কিয়নো প্ৰায় সময়ত ৩-জী সেৱাৰ বিপৰীত ২-জী সেৱাহে লাভ কৰে৷

গ্ৰাহকে নিজৰ মোবাইলটোত ৩-জী নেটৱাৰ্ক মুদ কৰি ৰাখিলে ছিম কাৰ্ডখন ইমাৰজেন্সি হৈ থাকে যাৰফলত ফোনকল অহা-যোৱা বন্ধ হৈ পৰে৷ যমুনামুখৰ যিডোখৰ স্থানত ভোডাফোনৰ টাৱাৰটো আছে সেই স্থানৰ পৰা এক বা ডেৰ কিলোমিটাৰ নিলগত অৰ্থাৎ ভিতৰুৱা অঞ্চলৰ গ্ৰাহকসকলে মোবাইলত নেটৱাৰ্ক লাভ নকৰে৷