মোৰাঝাৰঃ এখন ঠেলাত ত্ৰিপাল বান্ধি দুগৰাকী যুৱকে ঠেলাখন টানি নিছে৷ বোকা পানীৰ পথটোৰে যুৱক দুজনে দৌৰা-দৌৰিকৈ ঠেলা খন টানি নিয়াত একাংশ লোক আচৰিত হৈছে৷ কিছু সময় পাছত উৰহীৰ ওলাল ওৰ৷ যুৱক দুজনে ঠেলাখনত ত্ৰিপাল বান্ধি পৰিয়ালৰ লোক এজনক চিকিৎসালয়লৈ নিছে৷

গাঁৱৰ বোকা পানীৰ বাটত এম্বুলেঞ্চ আহিব নোৱাৰাৰ বাবে তেওঁলোকে চিকিৎসালয়ত ঠেলাৰে নিব লগা হ’ল পৰিয়ালৰ লোকজনক৷ ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ পুনৰ এখন লজ্জাজনক প্ৰতিচ্ছবি পোহৰলৈ আহিল এইদৰে।

হোজাই জিলাৰ জৰাং পথাৰৰ আমিৰ উদ্দিনৰ পত্নী ফজুৰা খাতুনক পৰিয়ালে এম্বুলেঞ্চৰ অভাৱত ১৫ কিলোমিটাৰ পথ ঠেলাৰে কঢ়িয়াই চিকিৎসালয়লৈ নিব লগা হয়৷ ১০৮ এম্বুলেঞ্চক ফোন কৰাৰ পাছতো গুৰুত্ব আৰোপ নকৰাত অৱশেষত আত্মীয়ই ঠেলাকে সাৰথি কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হয়।

পথ বেয়া হৈ থকাৰ অজুহাত দেখুৱাই ১০৮ এম্বুলেঞ্চ আহিবলৈ মান্তি নোহোৱাৰ লগতে আত্মীয়ৰ পৰা ধন দাবী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে।