আমগুৰিঃ অসম শক্তি বিতৰণ কোম্পানীৰ চৰম অৱহেলাৰ বাবেই ৰাজ্যজুৰি নিতৌ ধন-জনৰ হানি হৈ থকাৰ মাজতে আজি পুনৰ আমগুৰিত সদাব্যস্ত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেমেৰাৰ সন্মুখতে গছ ভাগি খহি পৰিল উচ্চ ক্ষমতাসম্পন্ন বিদুৎ পৰিবাহী তাঁৰ৷

কথমপি নিৰ্ঘাত মৃত্যুৰ পৰা বাছিল দুজনকৈ বাইক আৰোহী৷ আমগুৰি নগৰৰ উপকণ্ঠ অঞ্চল কমলাপতিত সংঘটিত হৈছে এই দুৰ্ঘটনা৷ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত এডাল পচা গছ হঠাৎ ভাগি এখন চলন্ত মটৰ চাইকেলৰ ওপৰত পৰি যায়৷ ফলত বাইক আৰোহী দুজন কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়৷

তাৰ পাছতেই বিস্ফোৰণ ঘটে বিদ্যুৎ পৰিবাহী তাঁৰত৷ উল্লেখযোগ্য যে, পচা গছডালৰ বিষয়ে স্থানীয় ৰাইজে শক্তি বিভাগৰ কৰ্মচাৰীক বহুবাৰ অৱগত কৰিছিল যদিও শক্তি বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷

যাৰ পৰিপ্ৰেক্ষিতত আজি দুজন বাইক আৰোহীৰ ওপৰত এনেদৰে বিদুৎ পৰিবাহী তাঁৰসহ গছৰ ডাল ভাগি পৰে৷ সৌভাগ্যক্ৰমে আজি ঘাই পথেৰে অহা-যোৱা কৰা পথচাৰীৰ লগতে ওচৰৰে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে৷