04
Aug
2017

গোলকগঞ্জঃ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে ৰাজ্যত প্ৰায় ৪৪ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ পাছতো যেন গা লৰা নাই বিভাগটোৰ৷
বিভিন্ন ঠাইত বিদ্যুৎ পৰিবাহী তাঁৰ সৰি পৰি মানুহে অকালতে প্ৰাণ দিবলগীয়া হোৱাৰ সময়তে ধুবুৰী জিলাৰ গোলকগঞ্জ বিদ্যুত উপ সংমণ্ডলৰ অন্তৰ্গত বৰুনডাঙা গাঁও পঞ্চায়তৰ বৰুনডাঙা আৰু বিছনদৈ গাঁৱত বিদ্যুতৰ তাঁৰ দোলা দি তললৈ নামি অহাত শংকিত হৈ পৰিছে ৰাইজ৷
বাঁহৰ খুঁটাৰে তাঁৰ টনাৰ লগতে কোনোবা ঠাইত মাটিৰ পৰা প্ৰায় ৮-৯ ফুট উচ্চতাৰেতাৰ টানি নিয়াত ভয়ংকৰ বিপদৰ আশংকা কৰিছে ৰাইজে।
বহু ঠাইত পুৰণি তাঁৰ লগোৱা বুলিও ৰাইজে অভিযোগ কৰে। এই ক্ষেত্ৰত গোলকগঞ্জ উপ-সংমণ্ডলক অভিযোগ দিয়াৰ পিছতো গা লৰা নাই বুলি কৈ ক্ষোভ প্ৰকাশ কৰে ৰাইজে৷