
নলবাৰীঃ বিদ্যুৎৰ আহ-যাহত অতিষ্ঠ হৈ পৰিছে নলবাৰী জিলাৰ ৰাইজ৷ ২৪ ঘন্টা বিদ্যুতৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দি দিছপুৰৰ গাডী দখল কৰা বিজেপি, অগপ আৰু বিপিএফ মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজ৷
বিদ্যুতৰ যোগান ধৰাত বিফল হোৱা মিত্ৰ জোঁটৰ চৰকাৰৰ প্ৰতিশ্ৰুতি পালনত সম্পুৰ্ণ ব্যৰ্থ হৈছে৷ ৰাজ্যৰ জনসাধৰনে ২৪ ঘন্টা বিজুলি পোৱাৰ বিপৰীতে এতিয়া একেলগে ২, ৩ ঘন্টা হে লাভ কৰিবলৈ সক্ষম হৈছে৷ যাৰ ফলত বিদ্যুৎ গ্ৰাহকসকে অতিষ্ঠ হৈ পৰিছে৷
পৰিবৰ্তনৰ শ্ল’গান আজিও ৰাজ্যত এতিয়াও আখৈ ফুটা দি ফুটি থকা অৱস্থাত মন্ত্ৰী পল্লৱলোচন দাসৰ বিদ্যুৎ বিভাগে বাৰুকৈয়ে জ্বলাকলা খুৱাইছে ৰাজ্যৰ জনসাধৰনক৷ নলবাৰী জিলাৰ কেইবাটাও চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহৰ এতিয়া নিশা হলে সডুব যায় অন্ধকাৰত৷
আনকি দিনটোৰ ২৪ ঘন্টাই নানা অপৰাধ জনিত অথবা যুদ্ধ সদৃশ পৰিস্থিতিৰ মুখামুখিৰ বাবে সষ্টম হৈ থকা নলবাৰী আৰক্ষী থানাও নিশা হলে অন্ধকাৰচ্ছন্ন হয়৷ দিনৰ ভাগতো বহুতো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ কামো স্থবিৰ হৈ পৰে বিদ্যুতৰ লুকা-ভাকুৰ বাবে৷