গোৰেশ্বৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক নিৰ্দেশনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে বাক্সা জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু দল সংগঠন। যোৱা ১৫ ছেপ্তেম্বৰত স্নাতক পৰ্যায়ত গুৰু বিষয়ত ইংৰাজী মাধ্যম বাধ্যতামূলক কৰি অসমীয়া ভাষা আতৰাই দিয়াক লৈ গোৰেশ্বৰৰ ৰাজপথত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অৱস্থান কৰি পৰিস্থিতি উত্তপ্ত কৰাৰ পিছত আজি পুনৰ গোৰেশ্বৰ মহাবিদ্যালয়ত সৃষ্টি হয় আন এক অভাৱনীয় পৰিস্থিতিৰ। 

আজি মহাবিদ্যালয়খনত স্নাতক পৰ্যায়ৰ চেচনেল পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়ত ইতিহাস বিষয়ৰ পৰীক্ষা ইংৰাজী ভাষাতে লিখিবলৈ ছাত্ৰ ছাত্ৰীক কোৱাত ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষাগৃহ ত্যাগ কৰি বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াকে লৈ এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ উপক্ৰম হয় যদিও মহাবিদ্যালয়খন অধ্যক্ষই ছাত্ৰ ছাত্ৰীৰ সৈতে প্ৰেক্ষাগৃহত আলোচনাত মিলিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। 

ছাত্ৰ ছাত্ৰীসকলে ইয়াকে লৈ প্ৰতিবাদমুখৰ হৈ পৰে যদিও পিছলৈ তেওঁলোক পুনৰ পৰীক্ষাত বহে। ইপিনে গুৰু বিষয়ৰ পৰীক্ষাৰ উত্তৰ অসমীয়াৰ পৰিৱৰ্তে ইংৰাজীত লিখিবলৈ বাধ্য কৰোৱাৰ প্ৰতিবাদে এক বহল ৰূপ ধাৰণ কৰাত বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিষয়টো পুনৰ বিবেচনা কৰি শীঘ্ৰে নিৰ্দেশনা জাৰি কৰিব বুলিও জনা গৈছে। 

মহাবিদ্যালয়খনৰ অধ্যক্ষই জানিব দিয়া মতে বিশ্ববিদ্যালয়খনিৰ উপাচাৰ্যই ঘটনাৰ পিছত তেওঁলৈ টেলিফোনিক বাৰ্তালাপ কৰে আৰু চেচনেল পৰীক্ষাত গুৰু বিষয়ত ইংৰাজীৰ লগতে অসমীয়া ভাষাতো পৰীক্ষা লিখিব পাৰিব বুলি অবগত কৰাই। অৱশ্যে শীঘ্ৰে এই বিষয়ে কাৰ্যালয়ী জাননী জাৰি কৰা হ'ব বুলিও উপাচাৰ্য গৰাকীয়ে জানিবলৈ দিয়ে। 

লক্ষনীয় ভাবে এই বিষয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ পিছত বড়োলেণ্ড বিশ্ববিদ্যালয়ে বিষয়টোৰ পুনৰ বিবেচনা কৰাৰ চিন্তা চৰ্চা কৰাৰ ঘটনাই তেনে ক্ষেত্ৰত ফাইনেল পৰীক্ষাতো গুৰু বিষয়ত ইংৰাজীৰ লগতে অসমীয়া ভাষাত পৰীক্ষা লিখাৰ সুবিধা দিয়াৰ এক সম্ভৱনা প্ৰকট হৈছে। ইয়াৰ পূৰ্বে বড়োলেণ্ড বিশ্ববিদ্যালয়ে গুৰু বিষয়ত অসমীয়াৰ পৰিৱৰ্তে ইংৰাজী বাধ্যতামুলক কৰি নিৰ্দেশনা জাৰি কৰিছিল। 

ইপিনে আজিৰ এই ঘটনাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে। সমিতিয়ে জানিব দিছে যে ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত জীৱনৰ সৈতে এনেদৰে হেতালি নেখেলি স্নাতকত গুৱাহাটী বিশ্ববিদ্যালয়ে যেনেদৰে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে গুৰু বিষয়ৰ পৰীক্ষা লিখাৰ সুবিধা ৰাখিছে তেনেদেৰ বড়োলেণ্ড বিশ্ববিদ্যালয়েও উক্ত ব্যৱস্থা বাহাল ৰাখক। 

এনে নহলে সংগঠনটোৱে তীব্ৰ গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি স্পষ্ট কৰি দিছে।