দেৰগাঁওঃ পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদীলৈ অহা বিজেপি, অগপ আৰু বিপিএফে এতিয়া পৰিবৰ্তনৰ বিপৰীতে খোৱা-কামোৰাৰ ৰাজনীতিত হে ব্যস্ত থকা দেখা গৈছে। নিৰ্বাচনৰ সময়ত বৰ বৰ কথা কোৱা নেতাসকল এতিয়া একো একো গৰাকী ভিআইপিত পৰিণত হৈছে। ভিআইপিত পৰিণত হোৱা নেতাসকলে এতিয়া সকলো পাহৰি গ’ল। নিজৰ নিজৰ সমষ্টিৰ উন্নয়ণৰ কথা পাহৰি গ’ল। বাট-পথ, দলং উন্নয়ণৰ কথাও পাহৰি গ’ল তেওলোকে।

চৰকাৰ খনৰ দুটা বছৰ পাৰ হ’ল যদিও আজিও গ্ৰাম্য অঞ্চলৰ বাট-পথৰ উন্নয়ণত গুৰুত্ব প্ৰদান নকৰিলে চৰকাৰ খনে। কেৱল চমক সৃষ্টিৰ বাবে কাম কৰা চৰকাৰ খনে গাঁৱৰ মানুহৰ কল্যাণৰ বাবে আহৰি নোপোৱা হ’ল। এনে অলেখ প্ৰশ্ন উত্থাপন কৰিছে গোলাঘাট জিলাৰ ব্ৰহ্মপুত্র অঞ্চলৰ লোকে। চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা এই অঞ্চলটোৰ লোকে এতিয়া হাহকাৰ কৰিব লগা হৈছে৷ যাৰ ফলত এনেবোৰ প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ আৰম্ভ কৰিছে ৰাইজে৷

৩৭নং ৰাষ্ট্রীয় ঘাইপথক সংযোগ কৰা গুৰুত্বপূৰ্ণ জৰাগুৰি-শান্তীপুৰ পথ, টেমেৰা-বাদুলিপাৰ পথ, খকন্দগুৰি-ৰঙামাটি পথ, চিকাৰীঘাট-দেৰগাঁও পথ এতিয়া মেৰামতিৰ অভাৱত জহিখহি গৈছে৷ ব্ৰহ্মপুত্র অঞ্চলৰ দিচৈ নৈৰ ওপৰত মাজৰ চাপৰি, নাছনী পাৰ, চাৰমিচিং, গড়মৰাকে ধৰি চাৰিটাকৈ স্থানত থকা জৰাজীৰ্ণ বাহৰ দলঙেৰে ৰাইজে যাতায়াত কৰিব লগা হৈছে৷ তাৰ মাজতে বৃহস্পতিবাৰে এখন ভঙা দলঙৰ পৰা এগৰাকী লোক বাইকৰ সৈতে বাগৰি পৰি গুৰুতৰ ভাবে আহত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

নিশা দিচৈ নৈৰ চাৰমিচিং গাঁৱক সংযোগ কৰা বিধ্বস্তপ্ৰায় বাঁহৰ দলঙেৰে বাইক ঠেলি আহি থকাৰ অৱস্থাতে স্থানীয় জৰাগুৰি গাঁৱৰ ভাইকন ৰবিদাস (২৭) নামৰ যুৱকজন বাইকসহ দলঙৰ পৰা তলত পৰি গুৰুতৰভাৱে আহত হৈ বৰ্তমান সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসালয়ত ভৰ্তি হ’ব লগা হয়৷ বাঢ়নী পানীয়ে প্ৰতি বছৰে আটাইকেইখন দলঙৰ লগতে পথসমূহ বিধ্বস্ত কৰি আহিছে যদিও বৰ্তমানলৈকে চৰকাৰে মেৰামতিৰ ব্যৱস্থা নকৰাত জনসাধাৰণে যাতায়াতত সমস্যাত পৰে৷ আছু, টিএম পি কে, আটছা, কৃষক মুক্তিৰ লগতে বিভিন্ন দল-সংগঠনে শীঘ্রে পথ-দলং নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰে অন্যথাই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰে চৰকাৰক৷