পাভৈঃ ভোট দিয়াৰ বিনিময়ত কি লাগে ভোটাৰক৷ ভোটাৰে বিছাৰে বাট-পথৰ উন্নয়ন হওক, বিশুদ্ধ খোৱাপানী যোগান ধৰক, শিক্ষা খণ্ডৰ উন্নয়ন হওক, স্বাস্থ্য খণ্ডৰ উন্নয়ন হওক৷ কিন্তু তেনে হয় জানো৷ সাধাৰণ লোকৰ বহুমূলীয়া ভোট লৈ ৰাইজৰ সমস্যাৰ পৰা মূৰ পোলোকা মাৰি থকা জনপ্ৰতিনিধিয়ে ২০১৪ বৰ্ষতে বানে উটুৱাই নিয়া এটা কালভাৰ্ট আজিও দেখা নাপালে৷

তিনিটা বছৰে নিৰ্মাণ নকৰাত ক্ষোভত জ্বলিছে শ শ লোক৷ বিশ্বনাথৰ বৰপথাৰ জিলা পৰিষদৰ অন্তৰ্গত ধুলি গাঁও পঞ্চায়তৰ ধুলি কুঁহিয়াৰবাৰী-মৰাদিৰিং সংযোগী পথটো বৰ্তমান সম্পূৰ্ণ যাতায়ত ব্যাহত হৈ পৰিছে। উল্লেখযোগ্য যে যোৱা ২০১৪ চনৰ বাঢ়নী পানীয়ে পথটোৰ ওপৰত থকা একমাত্র কালভাৰ্টটো উটুৱাই নিয়াত আজিকোপতি কালভাৰ্টটো নিৰ্মাণ নকৰিলে চৰকাৰে।

আনহাতে বৰপথাৰ জিলা পৰিষদৰ সদস্যা, পঞ্চায়তৰ সভানেত্ৰী তথা আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীক বহু বাৰ কালভাৰ্টটো নিৰ্মাণ কৰিবলৈ দাবী জনোৱাৰ পিছতো আজিপৰ্যন্ত কালভাৰ্টটো নিৰ্মাণ নকৰাত অঞ্চলটোৰ ধুলি কুঁহিয়াৰবাৰী, মৰাদিৰিং, তিনিচুকীয়া, মদনপুৰ, দাহাটাৰকে আদি কৰি কেইবাখনো গাঁৱৰ ৰাইজ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে। ৰাইজে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ হস্তক্ষেপ দাবী কৰিছে।