গোৰেশ্বৰঃ এসময়ৰ ৰাজ্যৰ অদ্বিতীয় শুক্লাই জলসিঞ্চন আঁচনিৰ পানীৰে কামৰূপ জিলা আৰু বাক্সা জিলাৰ হাজাৰ হাজাৰ কৃষকে খেতি কৰিছিল৷কিন্তু  ১৯৮৯ চন মানৰ পৰা মেৰামতিৰ অভাৱত শুক্লাই জলসিঞ্জন আঁচনি অচল হৈ পৰে৷ 

বিটিচি গঠনৰ পাছত পুনৰাই কোটি কোটি টকা খৰছ কৰি আঁচনিটোৰ কাম পুনৰ কৰা হয়৷ ১৫ বছৰীয়া তৰুণ গগৈৰ শাসন কালত কোটি কোটি টকা মুকলি কৰি দিয়াৰ লগতে বিটিএডি কৰ্তপক্ষয়ো কেইবাকোটি টকা মুকলি কৰি দিয়ে৷

গোৰেশ্বৰস্থিত শুক্লা জলসিঞ্চন সংমণ্ডলৰ অধীনত পুৰণি শুক্লা জলসিঞ্জন আঁচনি মেৰামতি কৰাৰ লগতে কাঠপুলাৰ দৰে নতুনকৈ সৰু বৰ কেইবাটাও আঁচনি নিৰ্মাণ কৰা হয়৷ কোটি কোটি টকাৰ এই আঁচনি সমূহৰ কৰবাত যদি দেৱাল খহি পৰিছে কৰবাত আকৌ হাবি বননিয়ে আগুৰি ধৰিছে৷ ইছাৰকেম্প, মকুন্দপুৰ, বৰফুকনখাট আদি ঠাইত ন’ ন’ আঁচনি নিৰ্মাণ কৰা হৈছিল৷

কোটি কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা এই আঁচনিবোৰে আজিলৈকে পথাৰত পানী দিব পৰা নাই৷ একাংশ অভিযন্তা, বিষয়া, কৰ্মাচাৰী তথা ঠিকাদাৰ লাভৱান হল যদিও কৃষকে হ’লে আজিলৈ পথাৰত পানী নাপালে৷ ৰাজ্যৰ ভিন্ন অঞ্চলত বানপানীৰ প্ৰকোপৰ পিছত এতিয়া একপ্ৰকাৰ খৰাং অৱস্থাই ধাৰণ কৰিছে ভয়াবহ ৰূপ। দীৰ্ঘদিন ধৰি দি থকা প্ৰখৰ ৰ'দ আৰু অনাবৃষ্টিৰ ফলত এতিয়া সোনগুটিৰ আশাত সিঁচা ধানৰ মুঠিবোৰ শুকাই যোৱাৰ উপক্ৰম হৈছে। বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ বহু গাওঁৰ শ শ বিঘা  কৃষি ভূমিত এতিয়া চিৰাল ফাট মেলিছে।

সামগ্ৰিকভাৱে যোৱা দিনবোৰত অঞ্চলটোত বৰষুণৰ পৰিমাণ যথেষ্ট কম হোৱাৰ লগতে মাটিয়ে পানী ধৰি ৰাখিব নোৱাৰাত কৃষকে বহু আশাৰে কৰা ধান খেতিডৰালৈ নামি আহিছে ভয়াবহ সংকট। অনাগত দিনতো একে অৱস্থা অব্যাহত থাকিলে ধানৰ মুঠি শুকাই গৈ গছ মৰি যোৱাৰ সম্ভাৱনাই দেখা দিছে। শাওন মাহতো এতিয়া পথাৰত পানী অভাৱ ঘটিছে।

সেয়েহে একমাত্র ভৰষাৰে কৃষকে ধান খেতি কৰিছিল যদিও শেহতীয়া পৰিস্থিতিত মুৰে কপালে হাত দিব লগীয়া হৈছে। পথাৰৰ ছিৰাল ফাট প্ৰত্যক্ষ কৰি একাংশ কৃষকে আমাৰ বুকুত ফাট মেলিছে বুলি আৱেগিক হৈ পৰে। ক্ষতিগ্ৰস্ত এনে গাঁওসমূহ হ'ল-বৰফুলচ'কী, আউৰীয়াপাৰ, বৰকচুলা, টঙাবাৰী, চেঁচাপাৰ, ফহুৰাবাৰী, বেতনা, বৰফুকনখাত, হাজলপাৰা, ৰংমহল, ৰামপুৰ,ছিল্কীঝাৰ, ঔগুৰী, চামাবাৰী, বামুনগাওঁ, কলাকুছি, চাৰণপাৰা, কেন্দুগুৰি, কাঠেনী, গোসাঁইহাউলী, কাড়িপাৰা, কহিৰভোল, কাড়িপাৰা, মকুন্দপুৰ শিমলীবাৰী, সেপকুছি, গণকঝাৰ, মহাজনপাৰ, গাৰোগাওঁ, বৰডাঙ্গেৰীকুছি আদি। এনেহেন সংকটৰ সময়ত কৃষকে চৰকাৰলৈ বহু আশাৰে বাট চাইছে কিবা উপায়ৰ সন্ধানত।

পিছে ৰাইজক দেখুৱাই কেমেৰাৰ সম্মুখত ভুঁই ৰুই দেখুৱা একাংশ মন্ত্ৰী-বিধায়কে কিন্তু ৰাজ্যৰ কৃষিভূমি খৰাঙৰ কবলত পৰাৰ সময়ত খেতিয়কৰ খবৰ ল'বলৈ আহৰি পোৱা নাই। 

ইপিনে গোৰেশ্বৰ ৰাজহ চক্ৰৰ শুক্লাইত স্থাপন কৰা শুক্লা জলসিঞ্চন প্ৰকল্পই কৃষকক সকাহ দিবলৈ সমৰ্থ হোৱা নাই। সুবৃহৎ এই জলসিঞ্চন প্ৰকল্পৰ নিৰ্মাণ কিম্বা মেৰামতিৰ নামত কৌটি কৌটি টকাৰ খৰচ কৰা হৈ আছে যদিও খেতিয়কেহে পথাৰৰ বাবে এটোপাল পানী পোৱা নাই বুলি অভিযোগ উঠিছে।

শুক্লাই জলসিঞ্চন আচঁনি খনৰ দুটি সংমণ্ডল-নাওকাটা আৰু শুক্লাই। প্ৰায় ৪৪,০০০ হেক্টৰ মাটি সাঙুৰি কেনেল-১, কেনেল-২ নামে দুটি মুখ্য নলা শুক্লাইৰ পৰা কামৰূপ গ্ৰাম্য জিলাৰ মুক্তাপুৰলৈ বিয়পি আছে। বহু ঠাইত কেনেলসমূহ পৰিস্কাৰ নকাৰৰ বাবে হাবি-জংঘলে আগুৰি ধৰিছে।

আনহাতে অভিযোগ মতে প্ৰকল্পটোৰ বহু বিষয়া-কৰ্মচাৰীয়ে সময়মতে নিজ নিজ দায়িত্ব পালন নকৰাৰ ফলতো কৃষকে পানী লাভ কৰাৰ পৰা বঞ্চিত হ'ব লগা হৈছে।

এনে পৰিস্থিতিত আজিও কৃষকে কৃষি কৰ্মৰ বাবে বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হৈছে । আনহাতে বতৰৰ এই প্ৰকোপৰ বাবে আকাশলৈ চাই হুমনিয়াহ কাঢ়িব লগা হৈছে কৃষকে। অঞ্চলটোৰ ৰাইজে শুক্লাই জলসিঞ্চন প্ৰকল্পৰ সংস্কাৰ সাধনৰ লগতে খৰাং পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কৰিছে।