গোৱালপাৰাঃ পানীৰ দৰত বিক্ৰি হৈছে দৰিদ্ৰ কৃষকৰ মৰাপাট৷ কপালৰ ঘাম মাটিত পেলাই মৰাপাটৰ খেতি কৰা কৃষক সকলে উচিত মূল্য নাপায় মুৰে কপালে হাত দিছে কৃষকসকলে৷ কৃষকে ২৮০০ টকাৰ পৰা ৩০০০ টকাত বেপাৰীক যাচি দিব লগা হৈছে মৰাপাট৷ প্ৰতি কুইন্টল মৰাপাট  উৎপাদন কৰোতে কৃষকৰ ব্যয় হয় ৩৫০০ টকাৰ পৰা ৪০০০ টকালৈ৷

গাঁঠিৰ ধন ভাঙি উৎপাদন কৰা মৰাপাট এতিয়া পানীৰ দৰত বিক্ৰি কৰি মুৰে কপালে হাত দিছে কৃষকে৷ লোকচান কৰি মৰাপাট বিক্ৰি কৰিব লগা হোৱাত কৃষকৰ মাজত হাহাকাৰ লাগিছে। কৃষকসকলো খেতি কৰিয়ে লৰা-ছোৱালীক পোহপাল দিয়ে৷ ঘৰ খনৰ সমস্ত খৰছ খেতিৰ ওপৰত্ নিৰ্ভৰশীল৷ মুনাফা খোৰ একাংশ ব্যৱসায়ীয়ে কৃষকৰ তেজ শুহি খাইছে যদিও নীৰৱ প্ৰশাসন নীৰৱ কৃষি মন্ত্ৰী অতুল বৰা৷

গোৱালপাৰা জিলাৰ জয়পুৰ, চুনাৰী, লক্ষীপুৰ, জলেশ্বৰ, ৰাজমিতা, তাৰাংগাপুৰ, চিলাৰভিটা, মোৱামাৰি, মোনকলা সাইলধৰা আদি অঞ্চলৰ কৃষকে মৰাপাটৰ খেতি কৰি হতাশাত ভূগিছে দৰৰ বাবে। এজন কৃষকে এক কুইন্টল মৰাপাট কাটি ধুই শুকাই বজাৰত অনা লৈকে প্ৰায় ৪০০০ টকা খৰছ হয়। বতৰ্মান প্ৰতি কুইন্টল মৰাপাটৰ বজাৰ মুল্য ২৮০০ টকাৰ পৰা ৩০০০ হাজাৰ টকা। কুইন্টল প্ৰতি কৃষকৰ ১০০০ টকাৰ লোকচান হৈছে লাভ হোৱাটো দুৰৰ কথা।

এনে অৱস্থাত চৰম সংকটত পৰিছে কৃষক সকল৷ মৰাপাটৰ উচিত মূল্যৰ বিচাৰি প্ৰতিবাদ কৰি খাৰুপেটীয়াত প্ৰাণ গৈছিল কৃষকৰ। এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে একাঠু বোকাত নামি কঠিয়া ৰুই কৃষকৰ মন জয় কৰাৰ চেষ্টা চলালেও মৰাপাটৰ মূল্য নাপায় কৃষকৰ হাহাকাৰ শুনিবনে নাই এয়াই লক্ষ্যণীয় হ’ব। নিশাৰ ভিতৰতে পিঁয়াজৰ মূল্য বৃদ্ধি হয় যদিও অসমৰ কৃষকে মৰাপাটৰ মূল্য নোপোৱাত ক্ষুদ্ধ হৈ পৰিছে কৃষকসকল৷