বিহালীঃ বিদ্যুৎৰ আহ-যাহত অতিষ্ঠ হৈ পৰিছে ৰাজ্যৰ জনসাধৰন৷ ২৪ ঘন্টাই বিদ্যুৎ সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি গাদী দখল কৰা বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যবাসী৷

বিশ্বনাথ জিলাৰ বিশ্বনাথ বিদ্যুত সংমণ্ডলৰ অধীনৰ আৰু বৃহত্তৰ বৰজাৰণী বাসীয়ে বিদ্যু সেৱা নিয়মীয়া কৰাৰ দাবী জনাইছে৷ দহৰ পৰা বাৰ ঘণ্টা লৈকে বিদ্যুত কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বিদ্যুত কৰ্তনৰ ফলত ক্ষুদ্ৰ ব্যৱসায়ী সকলেও লোকচানৰ সন্মুখীন হৈ আহিছে।

বিশেষকৈ নিশাৰ ভাগত অধিক পৰিমাণে বিদ্যুত কৰ্তন কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হৈছে। এজাক বৰষুণ দিলেই দুদিন পৰ্যন্ত বিদ্যুত যোগান নধৰাৰো অভিযোগ উত্থাপিত হৈছে।