
চাবুৱাঃ এটি পথ৷ যোৱা ১৬ বছৰে মাটি এচপৰাও পৰা নাই পথটোত৷ কিন্তু যোৱা ০৭ জুলাইত অভিযন্তাই কথা দিলে ১০ দিনৰ ভিতৰত মেৰামতি কৰা হ’ব পথটো।
উজনি অসমৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত হেজেল বেংক চাৰিআলি-বালিজান গড়কাপ্তানী পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ পথটো মেৰামতি কৰাৰ দাবীত যোৱা ০৭ জুলাইত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত নাদুৱা চাইডিংত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।
সংগঠনটোৱে লাহোৱাল সমষ্টিৰ বিধায়ক হায় হায়, পথ নিৰ্মাণত ৰাজনীতি কৰা বন্ধ কৰক, হেজেল বেংকৰ পৰা থানাই সংযোগী গড়কাপ্তানী পথ মেৰামতি কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদীৰ ৰুদ্ৰৰূপ দেখি প্ৰতিবাদস্থলিত ততাতৈয়াকৈ চাবুৱাৰ ৰাজহ চক্ৰ বিষয়াক লগতে গড়কাপ্তানী বিভাগৰ ডিব্ৰুগড় জিলাৰ কাৰ্যবাহী অভিযন্তা ৰাজীৱ লাহন উপস্থিত হয়৷
প্ৰতিবাদকাৰীসকলে গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা উপস্থিত হোৱাৰ লগে লগে আগতকৈয়ো অধিক জোৰেৰে শ্ল’গান দিবলৈ আৰম্ভ কৰে৷
কিছু সময় পাছত অভিযন্তা ৰাজীৱ লাহনে পথটোৰ গাত সমূহ ১০ দিনৰ ভিতৰত মেৰামতি কৰিব বুলি লিখিত পতিশ্ৰুতি দিয়াত হে প্ৰতিবাদকাৰীসকল ক্ষান্ত হয়৷ অভিযন্তা ৰাজীৱ লাহনে ১০ ভিতৰত পথটো মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও দুমাহ পাৰ হবৰ হ’ল যদিও পথটো আজিলৈ মেৰামতি ন’হল৷
২ মাহ অতিক্ৰম কৰাৰ পিছতো পথটোত মাত্ৰ কেই গাড়ীমান শিল পেলাই গড়কাপ্তানী বিভাগে দায়িত্ব সামৰে৷ ৰাইজৰ দাবীক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু মটক যুৱ-ছাত্ৰ পৰিষদে।
গড়কাপ্তানী বিভাগৰ অভিযন্তাগৰাকীয়ে ৰাইজক দিয়া লিখিত প্ৰতিশ্ৰুতি ৪৮ ঘন্টাৰ ভিতৰত পূৰণ কৰিবলৈ দাবী জনায়। অন্যথাই গড়কাপ্তানী বিভাগে ৰাইজক কৰা অপমাণৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে সংগঠন কেইটাই৷