ধনশিৰিঃ খহনীয়াৰ কবলত পৰি হাহাকাৰ কৰিব লগা হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ ৰাইজ৷ ৰেংমা নৈৰ ব্যাপক খহনীয়াৰ কবলত পৰি বৰদণ্ডী, গৰৈবিল,  বেঙেনাবাৰী, হালধীবাৰী, সোনালী নগৰ, যোৰদলং আদি গাঁওৰ বিস্তৰ ক্ষতিসাধন হয়।

ঘোলাপানীতস্থিত তেলখাদৰ গেছ পৰিবাহী পাইপৰ বাবে ভাবুকি হৈ পৰিছে ৰেংমা নৈৰ খহনীয়া৷ অএনজিচিৰ গেছ পৰিবাহী পাইপ যি কোনো মূহুৰ্ততে ছিঙি দূৰ্ঘটনা হোৱাৰ সাম্ভাৱনা নুই কৰিব নোৱাৰি। উল্লেখ্য যে, উৰিয়ামঘাট-ঘোলাপানী সংযোগী গড়কাপ্তানী পথটো ৰেংমা নৈয়ে সম্পূৰ্ণ ৰুপে ছিঙি পেলাইছে। পথটো ছিঙি পেলোৱাত ৮ খন গাঁৱৰ যোগাযোগ একপ্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে।

পথৰ দাঁতিত থকা বিদু্ৎ পৰিবাহী খুঁটা সমুহ বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যেই উঠাই নিবলৈ বাধ্য হৈছে। খহনীয়াৰ কবলত কেইবা বিঘা কৃষি ভূমি জাহ যোৱাৰ উপৰিও কেইবাটাও পৰিয়ালৰ গৃহ নৈ খনৰ সবলত জাহ গৈছে। খহনীয়া ৰোধৰ বাবে প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে।