14
Aug
2017

কোকিলাঃ নদী আমাৰ আই৷ এই নদীৰ বুকুতেই গঢ়ি উঠে একোটা জাতিৰ সভ্যতা-সংস্কৃতি৷ কিন্তু এই নদীয়েই যেতিয়া ধাৰণ কৰে সংহাৰী ৰূপ তেতিয়া অভিশাপ স্বৰূপ হৈ পৰে মানৱৰ বাবে৷ বঙাইগাঁও জিলাৰ টেনটনপুৰ গাঁওবাসীৰ এতিয়া নিদ্ৰাহৰণ কৰিছে আই নৈয়ে৷
মাথো ২৪ ঘন্টাৰ ভিতৰতে ৪০ ঘৰ পৰিয়াল হৈ পৰিল আশ্ৰয়হীন হৈ পৰে নৈ খনৰ গৰাখহনীয়াৰ বাবে৷ গাঁওখনৰ একমাত্ৰ শিক্ষানুষ্ঠান টেনটনপুৰ প্ৰাথমিক বিদ্যালয় খনো জাহ গল নদীৰ বুকুত। বিদ্যালয় খনৰ উপৰিও মছজিদ আৰু কৱৰস্থানো নদীৰ বুকুতেই নিশ্চিহ্ন হৈ পৰে।
গৰাখহনীয়াত শ শ হেক্টৰ কৃষিভূমি হেৰুৱাই এতিয়া মুৰে কপালে হাত দিছে কৃষক ৰাইজে৷ তাৰ পাছতো খবৰ লবলা আহৰি নাই প্ৰশাসন কিন্বা চৰকাৰৰ৷ কুম্ভকৰ্ণ নিদ্ৰাত স্থানীয় বিধায়ক আব্দুল হাই নাগৰিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বানাক্ৰান্ত ৰাইজ৷